বাগসাৰ শালবাৰীৰ উন্নেগুৰীত কৃষিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি কৃষকৰ প্ৰতিবাদ

ম্যাদ উকলা বিলাহীৰ বীজ বিক্ৰীৰে হোজা কৃষকক ৰামঠগন, চাৰিমাহে বিলাহী গছত নধৰিলে ফল

বাগসাৰ শালবাৰীৰ উন্নেকুৰিত আজি শ শ কৃষকে কৃষিমন্ত্ৰী অতুল বৰাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰে কৃষি বীজ বিক্ৰেতাৰ যোগেদি কৃষকসকলক ম্যাদ উকলি যোৱা বীজ যোগান ধৰাৰ অভিযোগ আনি এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ লাৱদাংগুৰি, উন্নেকুৰি, বগৰীগুৰি, চুক্ৰুংবাৰী আদি গাঁওসমূহৰ কৃষক ৰাইজে কে’বা বিঘাও বিলাহীৰ খেতি কৰি চাৰি মাহ যোৱাৰ পাছতো কৃষকে গছত ফল দেখিবলৈ নাপাই হতাশ হৈ পৰে ৷

নামনি অসমৰ একমাত্ৰ বাণিজ্যিক চহৰ বৰপেটা ৰোডৰ ব্যৱসায়ীয়ে ম্যাদ উকলি যোৱা বিলাহীৰ বীজ যোগান ধৰাৰ ফলত প্ৰতিজন কৃষকে প্ৰতি বিঘাত ৭০ৰ পৰা ৮০ হেজাৰ টকাকৈ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ যাৰ বাবে আজি উপায়ন্তৰ হৈ গাঁওসমূহৰ কৃষকসকলে উন্নেকুৰি পথাৰত একত্ৰিত হৈ অসম চৰকাৰৰ কৃষি বিভাগৰ বিভাগীয় মন্ত্ৰী অতুল বৰাৰ পুত্তলিকা দাহ কৰি কৃষিমন্ত্ৰী হায় হায়, অতুল বৰা হায় হায়, কৃষিমন্ত্ৰী অতুল বৰাক এই মাটিতে কবৰ দিয়ক, অসম চৰকাৰ হায় হায়, নকল বীজ-সাৰ ব্যৱসায়ীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লওক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে উল্লিখিত গাঁওসমূহৰ কৃষক ৰাইজে বিগত চাৰি/পাঁচ বছৰ ধৰি সেউজ বিপ্লৱ সৃষ্টি কৰি আহিছিল ৷ এইবেলি বৰপেটা ৰোডৰ বীজ ভাণ্ডাৰৰ দোকানৰ পৰা অঞ্চলটোৰ কৃষকসকলে ত্ৰিশূল কোম্পানীৰ বিলাহী বীজ ক্ৰয় কৰি আনি সেয়া খেতি-পথাৰত সিঁচা আজি চাৰিমাহ পাৰ হৈ যোৱাৰ পাছতো দুই এটা ফুল ধৰাৰ বাদে আজিলৈ ফলৰ মুখ নেদেখিলে কৃষকসকলে ৷ যাৰ বাবে ঋণ লৈ, মাটি লীজত লৈ খেতি কৰাৰ সপোন দেখা কৃষকসকলে এতিয়া মূৰে-কপালে হাত দিয়াৰ বাবে গত্যন্তৰ নোহোৱা হৈ পৰিছে ৷

ইফালে, আজি নিখিল ভাৰত কৃষক সভা বৰপেটা জিলা সমিতিৰ সভাপতি নৃপেন দাস আৰু ৰাজ্যিক নেতা ৰজনী দৈমাৰীৰ নেতৃত্বত এটা সজাতি দলে কৃষিপথাৰসমূহ পৰিদৰ্শন কৰি বৰপেটা ৰোডত নকল সাৰ আৰু বীজৰ ছিণ্ডিকেট গঢ় লৈ উঠা বুলি অভিযোগ কৰে ৷ সজাতি দলটোৱে নকল বীজ সাৰ যোগান ধৰা দোকান আৰু দোকানীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষৰ ক্ষীপ্ৰ তদন্তৰ দাবী উত্থাপন কৰি কৃষকসকলক উচিত ক্ষতিপূৰণ দিয়াৰো দাবী জনায় ৷ এই ক্ষেত্ৰত অসম চৰকাৰৰ বিয়াগোম কৃষি বিভাগ দায়ী বুলিও অভিযোগ কৰে কৃষক সভাৰ সজাতি দলটোৱে ৷

Exit mobile version