সমাগত পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। চৌদিশে চলিছে পোহৰৰ উৎসৱ দিপাৱলীৰ প্ৰস্তুতি । বৰপেটা আতচ্ বাজী শিল্প সমবায় সমিতিটো আতচবাজী প্ৰস্তুত কৰাত ব্যস্ত কৰ্মীসকল ।
ক’ভিড পৰিস্থিতিৰ বাবে ব্যাপক ক্ষতি হৈছে বৰপেটাৰ আটচবাজী শিল্পীসকলৰ। কিন্তু এইবাৰ আশাৰে পুনৰ আতচবাজী প্ৰস্তুত কৰাত ব্যস্ত কৰ্মীসকল।
বিগত কমেও ডেৰ বছৰৰ স্থবিৰতাৰ পাছত সমাগত দীপাৱলীৰ জৰিয়তে পুনৰ প্ৰাণ পাই উঠিছে কমেও ১৩০ বছৰ পুৰণি বৰপেটাৰ ঐতিহ্যমণ্ডিত থলুৱা আতচবাজী উদ্যোগটোৱে।
গোটেই বছৰ জুৰি এই উদ্যোগটোত কাম চলে যদিও দীপাৱলীৰ সময়ত সক্রিয়তা অধিক বৃদ্ধি হয়। বৰপেটাৰ আতছবাজী সাধাৰণতে শব্দবিহীন আৰু অধিক সুৰক্ষিত।
সেয়েহে ৰাইজৰ মাজত চাহিদাৰ মাত্ৰাও বেছি । কিন্তু সেই অনুপাতে আন্ত:গাঠ বিভিন্ন অসুবিধাৰ বাবে সুযোগ থাকিও উদ্যোগটোৰ প্ৰয়োজনীয় বিকাশ সম্ভৱ হৈ উঠা নাই।
অসুবিধাৰ ভিতৰত কেচামাল সংগ্ৰহত প্রয়োজনীয় পুজিৰ অভাৱেই মূল। তাৰ মাজতো উদ্যোগী সকলে উদ্যোগটোৰ বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। বৰপেটা আতচবাজী শিল্প সমবায় সমিতি লিমিটেডৰ সভাপতি গোপজিৎ দাসে কয় যে দীঘলীয়া স্থবিৰতাৰ পাছত দীপাৱলীৰ জৰিয়তে উদ্যোগটোলৈ পুনৰ সক্রিয়তা ঘুৰাই আনিবলৈ তেওলোকে চেষ্টা অব্যাহত ৰাখিছে।
শেহতীয়াকৈ অসম চৰকাৰে আতছবাজীৰ উদ্যোগীসকলক সূতবিহীন ঋণ প্ৰদান কৰিবলৈ এক ঘূর্ণীয়মান পুজি যোগানৰ ঘোষণা কৰিছে। এই পুজি শীঘ্ৰে যোগান ধৰা হব বুলিও আশ্বাস দিছে।