Indian Army : লেণ্ডমাইন বিস্ফোৰণত কাশ্মীৰৰ নিয়ন্ত্রণৰেখাৰ ওচৰত নিহত দুই সেনা, গুৰুতৰভাৱে আহত তিনিজন

icaqh2ug indian army

জম্মু আৰু কাশ্মীৰত এটা লেণ্ডমাইন বিস্ফোৰণত মৃত্যু হৈছে দুজন সৈনিকৰ ।শনিবাৰে ভাৰত-পাক নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ নওচেৰা-সুন্দৰবানী চেক্টৰত এই বিস্ফোৰণ সংঘটিত হয়।

এটা সেনা দলে অঞ্চলটোত তহল দি আছিল। বিস্ফোৰণটোত তিনিজন সেনা জোৱান গুৰুতৰভাৱে আহত হয়। মৃত সৈনিক দুজনৰ এজন সেনাকৰ্তা আৰু আনজন সেনা জোৱান আছিল।

স্থানীয় এজন আৰক্ষীয়ে জনাইছে, আহত তিনিজন সৈনিকক ততাতৈয়াকৈ সেনা চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু তেওঁলোকৰ দুজনৰ অৱস্থা অতি সংকটজনক।

যোৱা তিনি সপ্তাহ ধৰি ঘটনাটো সংঘটিত হোৱা অঞ্চলটোত সেনাই উগ্ৰপন্থীৰ সন্ধান চলাই আছে।

জম্মুত সেনাৰ এজন মুখপাত্ৰই কয় যে সেনাৰ দলটো শনিবাৰে নিয়মীয়া তহলৰ বাবে বাহিৰলৈ গৈছিল। দুৰ্ঘটনাবশত লেণ্ডমাইনটো ভৰি দিয়াৰ বাবেই লেণ্ডমাইনত ভৰি দিয়াত বিষ্ফোৰণ হয়।

বিস্ফোৰণত নিহত দুজন সেনা জোৱানৰ এজন লেঃ ঋষি কুমাৰ। তেওঁ বিহাৰৰ বেগুচৰাইৰ বাসিন্দা। আনজন সেনা জোৱান মনজিৎ সিং পঞ্জাৱৰ ভাটিণ্ডাৰ বাসিন্দা। সেনাৰ বিবৃতিত কোৱা হৈছে, “দেশ আৰু বাহিনী য়ে দুয়োজন সাহসী সৈনিকৰ প্ৰতি সদায় কৃতজ্ঞ থাকিব ।’

দৰাচলতে, পুঞ্চত সেনাৰ তালাচী অভিযান এতিয়ালৈকে সফল হোৱা নাই। দীঘলীয়া বিদ্ৰোহ বিৰোধী অভিযানত দুজন সেনা বিষয়া আৰু নজন সেনা জোৱান নিহত হৈছিল।

Exit mobile version