Narendra Modi : চাৰিটা কাৰণত দেওবাৰে ৰোমত প্রধানমন্ত্রী মোদীৰ জলবায়ু পৰিৱর্তন বক্তব্য গুৰুত্বপূর্ণ

দেওবাৰে ৰোমত অনুষ্ঠিত হ’ব জি-২০-ৰ দ্বিতীয় অধিবেশন । য’ত ভাৰতৰ প্রধানমন্ত্রী নৰোন্দ্র মোদীয়ে কথা ক’ব জলবায়ু পৰিৱর্তনক লৈ । শনিবাৰে জি-২০ সন্মিলনৰ প্রথম অধিবেশনত স্বাস্থ্য আৰু কৰ’না অতিমাৰীৰ বিৰুদ্ধে যুঁজৰ বিষয়ে বক্তব্য দাঙি ধৰিব প্রধানমন্ত্রী মোদীয়ে । ক’ভেক্সিনক বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন দিয়াৰ প্রসংগৰ পৰা আৰম্ভ কৰি বিশ্বৰ বিভিন্ন দেশক ভাৰতৰ টিকা সৰবৰাহসহ একাধিক বিষয় উত্থাপন হৈছে আলোচনাত । কিন্তু অতিমাৰী পৰিস্থিতিতো দেওবাৰৰ আলোচনাত প্রধানমন্ত্রী মোদীয়ে জলবায়ু পৰিৱর্তন সন্দৰ্ভত কি ক’ব, সেয়া হ’ব লক্ষ্যণীয় ।

১। ৰোমৰ জি ২০-ৰ দ্বিতীয় অধিবেশনৰ পাছত প্রধানমন্ত্রী মোদী যাব গ্লাছগোত । গ্লাছগোত দেওবাৰৰ পৰা জলবায়ু পৰিৱর্তন সংক্রান্ত ২৬তম ‘কনফাৰেন্স অৱ পার্টিজ’ অনুষ্ঠিত হ’ব । এইটো জলবায়ু সমস্যাৰ সমাধানৰ বাবে ৰাষ্ট্রসংঘৰ পৰিকাঠামোগত সন্মিলন। ওই সন্মিলনত উপস্থিত থাকিব ২০০ৰো অধিক দেশ । জি-২০ জলবায়ু সংক্রান্ত অধিবেশনক গ্লাসগোৰ সন্মিলনত প্রথম পর্যায় বুলি ধৰি লোৱা হৈছে । জি-২০-ৰ বৈঠকত ৰাষ্ট্রনেতাসকলে যি বক্তব্য ৰাখিব, সেই বিষয়ে আলোচনা হ’ব গ্লাসগোত ।

২। সম্প্ৰতি বিশ্বৰ মুঠ গ্রীন হাউছ গেছ নির্গমনৰ ৮০ শতাংশৰ বাবে দায়ী পাঁচখন দেশ । চীন, আমেৰিকা, ভাৰত, ব্রাজিল আৰু জার্মানী । পাঁচখন দেশেই জি-২০-ৰ সদস্য ।

৩। গ্রীন হাউছ গেছ জলবায়ু প্ৰদূষণৰ অন্যতম কাৰণ বুলি জনাইছে বিজ্ঞানীসকলে । এই গ্রীন হাউছ গেছ নির্গমনত সমগ্ৰ বিশ্বত ভাৰত তৃতীয় স্থানত আছে । ভাৰতৰ আগত আছে চীন আৰু আমেৰিকা । গ্লাছগোত ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱর্তন সংক্রান্ত সন্মিলনত প্রধানমন্ত্রী মোদীৰ উপস্থিতি আৰু তেওঁৰ বক্তব্যক সেয়ে বিশেষ গুৰুত্ব দিয়া হৈছে ।

৪। আমেৰিকাই দীর্ঘদিন ধৰি ভাৰতক জলবায়ুৰ বিষয়ত সতর্ক কৰি আহিছে । ভাৰতৰ দৰে উন্নয়নশীল দেশত কলকাৰখানা আৰু উদ্যোগৰ কাম চলি থাকিব । এই ক্ষেত্রত জলবায়ু প্ৰদূষণ নিয়ন্ত্রণত অন্যান্য দেশবোৰে যি পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া ভাৰতকো অনুসৰণ কৰিবলৈ কৈছে আমেৰিকাই । বৃক্ষৰোপণ, প্রযুক্তিৰ সহায়ত গ্রীন হাউছ গেছ নির্গমন কমাবলৈ পদক্ষেপ কৰিবলৈ কোৱা হৈছিল । সেই পৰামর্শ ভাৰতে কিমান অৱলম্বন কৰিছে, সেই বিষয়ে জানিব পৰা যাব মোদীৰ বক্তব্যত ।

স্কটলেণ্ডৰ গ্লাছগোত ৰাষ্ট্রসংঘৰ কনফাৰেন্স অৱ পার্টিজ চলিব ১৩ দিন পৰ্যন্ত । ৩১ অক্টোবৰত আৰম্ভ হৈ ১২ নৱেম্বৰত সমাপ্ত হ‘ব সন্মিলন । ৰোমৰ পৰা গ্লাছগোলৈ যাব প্রধানমন্ত্রী মোদী । অন্যান্য দেশৰ ৰাষ্ট্রনেতাসকলেও ৰোমৰ পৰা গ্লাছগোত যাব ৰাষ্ট্রসংঘৰ সন্মিলনত যোগ দিবলৈ ।

Exit mobile version