এক ৰাষ্ট্ৰ-শ্ৰেষ্ঠ ৰাষ্ট্ৰৰ শ্ল’গানেৰে ৰাষ্ট্ৰীয় একতা দিৱস পালন জেংখাত

এক ৰাষ্ট্ৰ-শ্ৰেষ্ঠ ৰাষ্ট্ৰৰ শ্ল’গানেৰে সমগ্ৰ দেশৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ জেংখাতো ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পটেলৰ জন্ম তিথিৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা পৰিলক্ষিত হয় । বিজেপি হামৰেণ মণ্ডল কমিটীৰ উদ্যোগত আয়োজন কৰা ৰাষ্ট্ৰীয় একতা দিৱসত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুং উপস্থিত থাকি বৃহত্তৰ জেংখা অঞ্চলত একতাৰ বাবে দৌৰ নামেৰে এক সমদল ওলিয়াই ।

ইয়াৰ পাছতে, ৱোছোঁ ক্ৰীড়া সন্থাৰ উদ্যোগত হাৰলংছেৱাত আয়োজন কৰা দ্বিতীয় পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সমাৰোহত অংশ গ্ৰহণ কৰি কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে প্ৰতিযোগিতাৰ আৰম্ভণি কৰে । আগন্তুক আন্তঃজিলা ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম কাৰ্বি আংলং ক্রীড়া সন্থাৰ হৈ অংশগ্ৰহণ কৰাৰ বাবে খেলুৱৈ নিৰ্বাচিত কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰে এই ক্ৰীড়া সমাৰোহ।

উক্ত ক্ৰীড়া সমাৰোহত ল’ৰা-ছোৱালীৰ উভয়ৰে বিভিন্ন শাখাৰ দৌৰ প্ৰতিযোগিতা, দিস্কাছ থ্ৰ’, জেবলিন থ্ৰ’, লং জাম্পৰ লগতে জিলা ভিত্তিত ৱোছোঁ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। পশ্চিম কাৰ্বি আংলং ক্ৰীড়া সন্থাই পাহাৰীয়া জিলাখনৰ খেলুৱৈসকলৰ মাজত মনোবল বৃদ্ধি কৰাৰ লগতে খেলুৱৈ সমাজৰ মাজত এক সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখি আৰু ক্ৰীড়াৰ মানদণ্ড বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা এই ক্ৰীড়া প্ৰতিযোগিতাখনত পাহাৰীয়া জিলাখনৰ ভিন প্ৰান্তৰ পৰা খেলুৱৈয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

Exit mobile version