ধূপকাঠিৰ পাছত এইবাৰ চাউলৰ ব্যৱসায় কৰিব লালুপুত্র তেজপ্রতাপে

sjcei13o tej pratap

আৰ জে ডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্রসাদ যাদৱৰ জ্যেষ্ঠ পুত্র তেজপ্রতাপ যাদৱে ধূপকাঠিৰ পাছত এইবাৰ চাউলৰ ব্যৱসায় কৰিবলৈ সিদ্ধান্ত লৈছে।

তেজপ্রতাপে ধূপকাঠিৰ প্ৰতিষ্ঠানটোৰ দৰে চাউলৰ ব্যৱসায়িক প্রতিষ্ঠানটোৰ নাম এল আৰ (লালু-ৰাবড়ী) নামত ৰাখিবলৈ সিদ্ধান্ত লৈছে।

তেজপ্রতাপে টুইট কৰি এল আৰ ৰাইচ এণ্ড মাল্টিগ্রেনছ প্রাইভেট লিমিটেড নামৰ চাউলৰ কোম্পানীটো আৰম্ভ কৰা বুলি সদৰী কৰে।

তেজপ্রতাপে কোম্পানীটোৰ বাবে অপনা উপজাউ, অপনা খাও, অপনা কমাও, জয় বিহাৰ’ শীর্ষক এক শ্ল’গানো দিছে। সামাজিক মাধ্যমৰ জৰিয়তে লালুপুত্ৰই জনোৱা অনুসৰি দীপাৱলীৰ পূৰ্বে তেওঁ নিজা ব্ৰেণ্ডৰ চাউল বিহাৰৰ বজাৰত মুকলি কৰিব।

এল আৰ কোম্পানীয়ে চাউল বিক্ৰীৰ বাবে পাটনাৰ অনিচাবাদত এটা শ্ব’ৰূম মুকলি কৰিব। চাউলৰ ব্ৰেণ্ড তৈয়াৰৰ ক্ষেত্ৰত তেজপ্রতাপে মানদণ্ডত বিশেষ গুৰুত্ব দিছে। এই চাউলত ভেজাল ধৰা পেলালে উক্ত ব্যক্তিক পুৰস্কৃত কৰা হ’ব বুলিও তেজপ্রতাপে ঘোষণা কৰিছে।

Exit mobile version