পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদীয় আঠ নম্বৰ হামৰেণ সমষ্টিৰ তেলেহৰত হামৰেণ বিজেপি মণ্ডল কমিটীৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে হামৰেণ মণ্ডল কমিটীৰ চতুৰ্থ কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় । আয়োজিত সভাত দলৰ প্ৰশাসনিক কাম-কাজ, লক্ষ্য, দলীয় আলোচনা আদিৰ বিষয়ে আলোচনা কৰে ।
লগতে ভাষণ প্ৰসংগত সমিতিৰ সভাপতি বীৰেন তিচ্ছ’সহ হামৰেণ গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচয়ে কংগ্ৰেছ আৰু এ এছ ডি চি আঞ্চলিক ৰাজনৈতিক দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কাৰ্বি আংলঙত বিজেপিয়ে কৰা উন্নয়ন আৰু বিকাশৰ কথা দোহাৰি পাহাৰীয়া জিলাখনত বিজেপিয়ে ব্যাপক পৰিৱৰ্তন আনিছে বুলি দাবী কৰে।
উল্লেখযোগ্য যে অনুষ্ঠিত সভাত হামৰেণ মণ্ডল সমিতিৰ সভাপতি-সম্পাদকৰ বিপৰীতে অন্যান্য বিষয়ববীয়াসকল, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, হামৰেণ বিজেপি মণ্ডল মহিলা মৰ্চাৰ বিষয়ববীয়া, হামৰেণ গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেন তিচ্ছ, বিজেপি নেতা মঙ্গল বে, চেবিয় বে কাৰ্বি পৰিষদৰ বিভাগীয় ব’ৰ্ড অধ্যক্ষ ক্ৰমে বিদ্যাছিং টেৰণ, ৰঞ্জিত টেৰণসহ বহু বিজেপি কৰ্মকৰ্তা উপস্থিত থাকে।