বাগসাৰ বাৰাপেটাত চাৰিবছৰে অসম্পূৰ্ণ দলং সম্পূৰ্ণ কৰাৰ দাবী

চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল প্ৰতিবাদ ৰাইজৰ

82f732e3 117b 49d8 a90e 2759124d8059

এখন দলঙৰ বাবে ওলাই আহিছে এটা অঞ্চলৰ ৰাইজ৷ চাৰি-পাঁচ বছৰ ধৰি নিৰ্মাণ অসম্পূৰ্ণ হৈ আছে বাগসাৰ শালবাৰীৰ খাৰিজা বিজনীৰ বাৰাপেটা মিলন বজাৰ-বৰপেটাৰোড সংযোগী দলঙখন৷

ঠিকাদাৰৰ হেমাহিৰ বাবেই বছৰ বছৰ ধৰি দলঙৰ অভাৱত জীয়াতু ভূগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ৷ওলোটাই খুন্দা উপনৈৰ ওপৰত থকা পূৰ্বৰ জৰাজীৰ্ণ কাঠৰ দলঙখন ভাঙি উক্ত স্থানত এখন পকী দলঙ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল৷

কিন্তু কোকৰাঝাৰ নিবাসী ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মৰ চূড়ান্ত হেমাহিৰ বাবেই বিগত চাৰি পাঁচ বছৰ ধৰি দলঙখন নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷

বাৰিষা আহিলেই উক্ত স্থানেৰে ভগ্ন সাকোঁৰেই বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয় অঞ্চলটোৰ ৰাইজ৷যাৰ বাবে আজি অঞ্চলটোৰ একংশ ৰাইজ ওলাই আহি ঠিকাদাৰগৰাকীৰ লগতে বিটিচি আৰু অসম চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

ভূক্তভোগী ৰাইজে “বিটিচি চৰকাৰ মুৰ্দাবাদ”, “অসম চৰকাৰ মুৰ্দাবাদ”, “প্ৰমোদ বড়ো মুৰ্দাবাদ”, “হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ” আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখ্য যে উক্ত স্থানেৰে বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী, চৰকাৰী কৰ্মচাৰী, ব্যৱসায়ী, কৃষক, ৰোগী আদিৰ সঘন যাতায়ত অব্যাহত থাকে৷

Exit mobile version