Covid-19 vaccination: টিকাৰ হাৰ কম কিয় ?বৈঠকত বহিব মোদী

UN0423400

কৰ’না প্ৰতিষেধক ১০০ কোটি পালিৰ মাইলৰ খুঁটি অতিক্ৰম কৰাক লৈ দেশজুৰি অভিযান আৰম্ভ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে। কিন্তু টিকাকৰণৰ সামগ্ৰিক চিত্ৰ যে একেবাৰে সন্তোষজনক নহয় সেইয়া এতিয়া স্বীকাৰ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে।

যি সমূহ জিলাত টিকাকৰণৰ হাৰ অতি কম,সেই সমূহৰ জিলা প্ৰশাসনৰ স’তে অহা তিনি নৱেম্বৰত বৈঠক মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।আজি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ (পিএমও)ৰ তৰফৰ পৰা এই কথা জানিবলৈ দিয়ে

কৰ’না টিকাৰ ১০০ কোটি পালি অতিক্ৰম কৰাৰ পাছতো বহুতো জিলাত টিকাকৰণৰ হাৰ অতি কম। যাৰ বিষয়ে কেন্দ্ৰ যথেষ্ট চিন্তিত। পিএমঅ’য়ে এক বিবৃতিত কয় যে,যিসমূহ জিলাত কৰ’না প্ৰতিষেধকৰ প্ৰথম পালি প্রদানৰ হাৰ ৫০ শতাংশ কম আৰু দ্বিতীয় পালি হাৰও অত্যন্ত কম,হে সমূহত জিলা প্ৰশাসনৰ স’তে এখন বৈঠক অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰীয়ে।

বিবৃতিটোত কোৱা হৈছে, ” ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু মেঘালয়ৰ ৪০ খন জিলাৰ প্ৰশাসনৰ স’তে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰীয। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও বৈঠকত উপস্থিত থাকিব। ”

দেশত ক’ৰনা

(২৪ ঘণ্টাত)

আক্ৰান্ত – ১২,৮৩০

সুস্থ – ১৪,৬৬৭

মৃত – ৪৪৬

মুঠ সক্ৰিয় ৰোগী – ১,৫৯,২৭২

সূত্ৰ: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়

দেশৰ সামগ্ৰিক কৰ’না সংক্ৰমণৰ ছবিখন সামগ্ৰিকভাৱে এক সকাহ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি ৰাতিপুৱা প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত ১২,৮৩০ জন লোক কৰ’নাত আক্ৰান্ত।

সেই সময়ছোৱাত, ৪৪৬ জন লোকৰ মৃত্যু হয়। সক্ৰিয় ৰোগীৰ সংখ্যা শতাংশৰ হিচাপত এক শতাংশৰ তলত। কেন্দ্ৰই এই পৰিস্থিতিত টিকাকৰণৰ গতি আৰু বৃদ্ধি কৰি কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব বিচাৰিছে।

কৰ’না প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থা জাইদাস কেডিলাই তেওঁলোকৰ টিকাৰ মূল্য ২৬৫ টকালৈ হ্ৰাস কৰিবলৈ সন্মত হৈছে। কিন্তু এই সন্দৰ্ভত এতিয়াও চৰকাৰৰ স’তে চূড়ান্ত চুক্তি হোৱা নাই বুলি দেওবাৰে এটা সূত্ৰই জনাইছে।

Exit mobile version