Elon Musk : ৩০০ বিলিয়ন ডলাৰ উপাৰ্জনকাৰী বিশ্বৰ প্ৰথম ব্যক্তিৰ স্বীকৃতি মাস্কলৈ

106926992 1628885077267 elon

বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি হিচাপে স্বীকৃত বৈদ্যুতিক গাড়ী নির্মাতা কোম্পানী টেছলাৰ মুৰব্বী এলন মাস্কৰ সম্পত্তিৰ পৰিমাণ প্রতিদিনে বৃদ্ধি পাবলৈ ধৰিছে।

যোৱা বৃহস্পতিবাৰে মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণত এদিনতে ৯.৭৯ বিলিয়ন ডলাৰ অৰ্থাৎ ৭৩,২১০ কোটি টকা বৃদ্ধি পাইছিল। ইয়াৰ পাছত মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩০২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পালে।

উল্লেখ্য যে ৩০০ বিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ সম্পত্তিৰ অধিকাৰী হোৱা মাস্কে হৈছে বিশ্বৰ প্ৰথমজন ব্যক্তি। ব্লুমবর্গ বিলিয়নেৰ সূচাংক অনুসৰি এলন মাস্কৰ সম্পত্তিৰ পৰিমাণ ৩০২ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে তালিকাত দ্বিতীয় স্থানত থকা এমেজনৰ মুৰব্বী জেফ বেজ’ছৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৯৯ বিলিয়ন ডলাৰ।

Exit mobile version