Taliban : বিবাহ অুষ্ঠানত গীত পৰিৱেশন অপৰাধ, ১৩ জনক গুলীয়াই হত্যা তালিবানৰ 

taliban GettyImages 1235361269

স্বভাৱ সলনি হোৱা নাই তালবানৰ । যোৱা ১৫ আগষ্টত তালবানে কাবুল পুনৰ দখল কৰিছিল । সেই সময়ত তালবানে শান্তিৰ বাণী দি দেশখনত শিথিলভাৱে শাসন কৰা হ’ব বুলি ঘোষণা কৰিছিল । তিন্তু কাৰ্যক্ষেত্ৰত ইয়াৰ বিপৰীত স্থিতি গ্ৰহণ কৰি আহিছে তালবান চৰকাৰে ।

আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আমৰুল্লা ছালেহে টুইটাৰত দাবী কৰা অনুসৰি, এখন বিবাহত সংগীত পৰিৱেশন কৰাৰ দোষত তালবানে ১৩ জন লোকক গুলীয়াই হত্যা কৰিলে । ছালেহে এই ধৰণৰ নাৰকীয় ঘটনা প্ৰতিৰোধ কৰিবলৈ আফগানিস্তানবাসীক আহ্বান জনাইছে ।

সামাজিক মাধ্যমত প্ৰাক্তন ৰাষ্ট্ৰপতিজনে এইদৰে কয়, ‘নেনগাৰহাৰ প্ৰদেশত এখন বিবাহ অনুষ্ঠানত সংগীত বন্ধ কৰিবলৈ গৈ তালিবানে ১৩ জন লোকক হত্যা কৰিলে । এয়া কেৱল নিন্দনীয় ঘটনাই নহয় । বিগত ২৫ বছৰ ধৰি পাকিস্তানে তালিবানক কেনেকৈ আফগান সংস্কৃতিক ধ্বংস কৰিব পাৰি সেই প্ৰশিক্ষণ দি আহিছে ।

Exit mobile version