পত্নীৰ স’তে থাকিব নোৱাৰো,মোক কাৰাগাৰলৈ প্ৰেৰণ কৰক: আৰক্ষীক অনুৰোধ স্বামীৰ

depressed man holding his head

665950252

বৈবাহিক সম্পর্কত কেতিয়াবা এনে কিছুমান সমস্যাই দেখা দিয়ে যে সমস্যাৰ কথা শুনি আৰক্ষীও বিমোৰত পৰে। এনে এক ঘটনা অলপতে সংঘটিত হ’ল ইটালীত।

দেশখনৰ এজন বিবাহিত পুৰুষে আৰক্ষীৰ কাষ চাপি তেওঁক অচিৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনায়। কাৰাগাৰলৈ যাব বিচৰাৰ কাৰণ জানি আৰক্ষী হতভম্ব হ’ল।

ব্যক্তিজনে আৰক্ষীক কয় যে তেওঁ পত্নীৰ স’তে বাস কৰিব নিবিচাৰে আৰু ইয়াৰ পৰিৱৰ্তে তেওঁ কাৰাগাৰত আৱদ্ধ হৈ থাকিব বিচাৰে। ‘ইউৰো নিউজ’ৰ বাতৰিত উল্লেখ কৰা মতে, ব্যক্তিজন ইটালীৰ গুড’নিয়া অঞ্চলৰ বাসিন্দা।

অলপতে উক্ত ব্যক্তিয়ে স্থানীয় থানাত উপস্থিত হৈছিল আৰু আৰক্ষীক তেওঁৰ সমস্যাৰ কথা অৱগত কৰে। ব্যক্তিজনে কয় যে তেওঁৰ বাবে বৈবাহিক জীৱন নৰকত পৰিণত হৈছে আৰু তেওঁ পত্নীৰ স’তে একেলগে বাস কৰিব নোৱাৰে।

পত্নীয়ে সকলো সময়তে কাজিয়া কৰে আৰু বৈবাহিক জীৱন চৰম অশান্তিেেৰ ভৰা বুলি দাবী কৰি ব্যক্তিজনে আৰক্ষীক কয় যে পত্নীৰ স’তে ঘৰত থকাৰ পৰিৱৰ্তে তেওঁ কাৰাগাৰত শান্তিৰে থাকিব বিচাৰে৷

বৈবাহিক জীৱন যাপন কৰাৰ পৰিৱৰ্তে আজীৱন কাৰাগাৰত কটাব ভাল পাব বুলিও ব্যক্তিজনে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, উক্ত ব্যক্তিজন পূর্বে কে’বাটাও গোচৰত অভিযুক্ত আছিল।

ড্ৰাগছৰ এটা গোচৰতো আৰক্ষীয়ে পূৰ্বে তেওঁক গ্ৰেপ্তাৰ কৰি কে’বামাহ গৃহবন্দী কৰি ৰাখিছিল৷ জামিনত অলপতে মুক্ত হৈাৱা উক্ত ব্যক্তিয়ে পত্নীৰ বিৰুদ্ধে অভিযোগ লৈ আৰক্ষীৰ কাষ চপাত আৰক্ষীয়ে আন এটা গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰে।

তাৰ পাছত উক্ত ব্যক্তিৰ ইচ্ছা অনুসৰি তেওঁক আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। ব্যক্তিজনৰ এই কাহিনীয়ে সম্প্রতি সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে।

Exit mobile version