Rainbow Island : ৰন্ধনত মছলা হিচাপে ব্যৱহাৰ কৰা হয় এই দ্বীপৰ মাটি

156764759

মাটিক ৰন্ধনৰ মছলা হিচাপে ব্যৱহাৰ কৰা কেতিয়াবা শুনিছেনে ? অবিশ্বাস্য হ’লেও সঁচা, পৃথিৱীতে এনে এটা দ্বীপ আছে যাৰ মাটিক ৰন্ধনৰ বাবে ব্যৱহাৰ কৰা হয় । ক’ত আছে এই দ্বীপ, কিয়‌ই বা সেই ঠাইৰ মাটিক মছলা হিচাপে ব্যৱহাৰ কৰা হয়, ইয়াৰ ৰহস্যই বা কি, জানি ল‌ওক ।

পাৰস্য উপসাগৰীয় এই দ্বীপটো আছে ইৰানত । এইটো হৰমুজ দ্বীপ নামে পৰিচিত । অৱশ্যে ইয়াৰ নানা গুণাৱলীৰ বাবে ‘ৰেইনব’ আইলেণ্ড’ নামেই অধিক পৰিচিত । ইৰানৰ এই দ্বীপৰ কথা সম্প্ৰতি খুব কমেই শোনা যায় । এসময়ত অৱশ্যে এছিয়া আৰু ইউৰোপৰ সমুদ্র বাণিজ্য বন্দৰ হিচাপে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল এই দ্বীপে । এছিয়া-ইউৰোপৰ বাণিজ্যত অন্য পথ মুকলি হোৱাত হৰমুজৰ গুৰুত্ব কমি আহে । অৱশ্যে সাম্প্রতিক কালত অপৰূপ প্রকৃতি আৰু বৈচিত্র বর্ণৰ মাটিয়ে পর্যটকৰ বাবে এই দ্বীপৰ গুৰুত্ব বৃদ্ধি কৰিছে ।

বিবিচি-ৰ এক প্রতিবেদন অনুযায়ী, এই দ্বীপ অত্যন্ত খনিজসমৃদ্ধ । সেয়ে এই দ্বীপক ভূবিজ্ঞানীৰ ‘ডিজনিলেণ্ড’ বুলিও কোৱা হয় । ইয়াত ভ্ৰমণ কৰিবলৈ অহা পর্যটকসকলক এবাৰ দ্বীপৰ মাটিৰ স্বাদ ল’বলৈ পৰামর্শ দিয়া হয় । খনিজ পদার্থৰে সমৃদ্ধ হোৱাৰ বাবে দ্বীপটো বর্ণণাময়ী । সেয়ে ইয়াৰ স’তে জড়িত হৈ পৰিছে ৰামধনুৰ অনুষঙ্গ । ইয়াত ৭০ প্ৰকাৰৰ খনিজ পদার্থ পোৱা যায় । স্থানীয় গাইডৰ দাবী, ৪২ বর্গ কিলোমিটাৰ আয়তনৰ এই দ্বীপৰ প্রতি ইঞ্চি ঠাইৰ পৃথক পৃথক কাহিনী আছে ।

কে’বা কোটি বছৰ আগতে সমুদ্রৰ পানীৰ বাবে এই দ্বীপৰ মাটিত লৱণৰ মোটা আৱৰণ পৰে । সেই লৱণৰ স’তে আগ্নেয়গিৰিৰ লাভাৰ খনিজৰ প্রতিক্রিয়াৰ ফলত মাটিত নানান বর্ণ দেখা যায় । এই দ্বীপৰ মাটি লোহিত বৰণৰ হোৱাৰ কাৰণ, মাটিত মিহলি হৈ থকা হেমাটাইট নামে অতিৰিক্ত লৌহ অক্সাইড, যি ‘গিলেক’ নামেও পৰিচিত । এই মাটি শিল্পক্ষেত্রত ব্যৱহৃত হয় । লগতে, ৰন্ধনত মছলা হিচাপেও ব্যৱহাৰ কৰে স্থানীয়সকলে । তেওঁলোকে ৰুটিৰ স’তে মছলা হিচাপে এই মাটি ব্যৱহাৰ কৰে । সেই ৰুটিক স্থানীয় ভাষাত ‘তোমছি’ বুলি কোৱা হয় ।

Exit mobile version