এইবাৰ ৰাছিয়াৰ পৰা ভাৰতে লাভ কৰিব এছ-৫০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

thumbs b c 2c627ba35783107c310dde1f676be6cf

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অত্যাধুনিক এছ ৫০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা প্ৰদান কৰিবলৈ সাজু হৈছে ৰাছিয়া।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত ৰাছিয়াৰ সামৰিক কাৰিকৰী সহযোগিতাৰ মুৰব্বী ডিমিট্ৰি ছুগায়েভে প্রকাশ কৰা অনুসৰি, ভৱিষ্যতে ভাৰতক এছ-৫০০ ক্ষেপণাস্ত্র প্ৰতিৰক্ষা ব্যৱস্থা যোগান ধৰিব পাৰে ৰাছিয়াই।

শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কৈছিল যে অতি শীঘ্ৰে ৰুছ সেনাবাহিনীয়ে অত্যাধুনিক ‘এণ্টি এয়াৰক্ৰাফট’ ক্ষেপণাস্ত্র ব্যৱস্থাটো লাভ কৰিব।

ছুগায়েভে প্ৰকাশ কৰা অনুসৰি, ৰাছিয়াৰ সেনাবাহিনীয়ে পর্যাপ্ত সংখ্যক এছ-৫০০ ক্ষেপণাস্ত্র প্ৰতিৰক্ষা ব্যৱস্থা লাভ কৰাৰ পাছত এই যুদ্ধাস্ত্র দেশখনে ৰপ্তানি কৰিব।

ছুগায়েভে কয়, ‘আমি ভাৰত আৰু চীনক এই যুদ্ধাস্ত্ৰ যোগান ধৰাৰ কথা বিবেচনা কৰিছো। তদুপৰি অন্যান্য বন্ধু ৰাষ্ট্ৰসমূহলৈকো এই ক্ষেপণাস্ত্র প্ৰতিৰোধী ব্যৱস্থা ৰপ্তানি কৰা হ’ব পাৰে।’

উল্লেখ্য যে ভূমিৰ পৰা আকাশত যিকোনো ক্ষেপণাস্ত্র ধ্বংস কৰিবলৈ এছ-৫০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী ব্যৱস্থা সক্ষম। মূলতঃ এছ-৪০০ৰ উন্নত সংস্কৰণ হৈছে এছ-৫০০। ৰাছিয়াই নতুনকৈ তৈয়াৰ কৰা এই যুদ্ধাস্ত্রই ৬০০ কিলোমিটাৰ দূৰত্বভেদি লক্ষ্যস্থানত আঘাত হানিব পাৰিব।

Exit mobile version