ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উৱলি যোৱা ঢেকীয়াপতীয়া বাঘৰ মৃত্যু উদ্ধাৰ

tiger machiya

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কালি ঢেকীয়াপতীয়া বাঘৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰে তহলকাৰী দলে ৷ হাতী তাহলদাৰী দলে কালি পুৱা উদ্যানখনৰ ৰামকং (Ramkong) বন শিবিৰৰ ওচৰতে প্ৰত্যক্ষ কৰে বাঘটোৰ মৃতদেহ ৷

বাঘটোৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে হুৱাদুৱা লাগে উদ্যান কতৃপক্ষৰ মাজত ৷ এই খবৰ পোৱাৰ মাত্ৰকে উদ্যানত উপস্থিত হয় ডি এফ অ’ প্রদীপ্ত বৰুৱাৰ লগতে পশু চিকিৎসক, এন টি চি এ আৰু দল মিডিয়াৰ এটা ৷ তাৰ পাছতে তৎকালীনভাৱে আৰম্ভ কৰা হয় অনুসন্ধান আৰু মৃত বাঘৰ জোখমাফ ৷

বাঘটো মতা বাঘ বুলি চিনাক্ত কৰাৰ লগতে তিনি ফুট ওখ আৰু ৫.৩ ফুট দীঘল পূৰ্ণ বয়স্ক বাঘ বুলি নিশ্চিত কৰা হয় ৷ বিভিন্ন সময়ত নিজৰ এলেকাক লৈ দুটা মতা বাঘৰ মাজত হোৱা সংঘৰ্ষৰ বাবেই এই বাঘটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

পশু চিকিৎসকে বাঘটোৰৰ মৰনোত্তৰ পৰীক্ষা কৰাৰ পাছতে এন টি চি এ-ৰ নীতি নিৰ্দেশনা মতে উদ্যানতে বাঘৰ অন্তিম সংস্কাৰ কৰা হয় ৷ উল্লেখনীয় যে মাথো ৭৯.৮ বৰ্গ কিলোমিটাৰৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৩২ টাকৈ ঢেকীয়াপতীয়া বাঘ আছে আৰু মাজে মাজে বাঘৰ মাজত নিজৰ নিজৰ অঞ্চলক লৈ সংঘৰ্ষ হৈ থাকে ৷

Exit mobile version