চলচ্চিত্ৰ গৃহ মুকলিৰ অপেক্ষাত : তেজপুৰত অত্যাধুনিক চলচ্চিত্ৰ গৃহ সাজু দৰ্শকৰ বাবে

20211103 111408

কৰ’নাৰ বাবে বিগত প্ৰায় ডেৰটা বছৰত অন্যান্য সকলো ক্ষেত্ৰৰ দৰেই ভ্ৰাম্যমাণ তথা চলচ্চিত্ৰ জগতখন যি বৃহৎ ক্ষতিৰ সন্মুখীন হ’ল সেয়া অব্যাহত থাকিলে ৰাজ্যৰ নতুনকৈ গঢ় লৈ উঠা চলচ্চিত্ৰ গৃহসমূহ বন্ধ হৈ পৰাৰ আশংকা আছে ৷ তদুপৰি, শেহতীয়াকৈ ৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগটোৱে এক নতুন ৰূপ ল’বলৈ আৰম্ভ কৰাৰ সময়তে ক’ভিডৰ মাধমাৰে নিশকতীয়া কৰা চলচ্চিত্ৰ উদ্যোগটোলৈ পুনৰ আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্যৰ ছবিগৃহ সমূহ পুনৰ মুকলি হোৱাৰ দিশে আগবঢ়াৰ বাবে ৷

উল্লেখযোগ্য যে ৰাজ্যৰ ছবিগৃহ সমূহ সুদীৰ্ঘ কালৰ বিৰতিত খুলিবলৈ প্ৰস্তুতি চলাৰ সময়ত তেজপুৰতো মুঠ ন টা ছবিগৃহ পুনৰ মুকলিৰ বাবে সাজু হৈছে ৷ ৰাজ্যৰ প্ৰথমটো চলচ্চিত্ৰ গৃহ জোনাকী হলৰ বাহিৰে তেজপুৰৰ পুৰণি সকলো চিনেমা হলেই চিৰদিনলৈ বন্ধ হৈ পৰাৰ পাছত বৰ্তমান চহৰখনত সৰু সৰু আধুনিক চিনেমা হল স্হাপন হৈছে ৷ কিন্তু এই ছবিগৃহ সমূহ আৰম্ভ হোৱাৰ কিছুদিনৰ পাছতেই বন্ধ হৈ পৰাত ছবিগৃহৰ কৰ্মচাৰী তথা গৰাকীসকল বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ৷

তেজপুৰত মুঠ ২৬০খন আসনৰে বেংকৰ পৰা সাত কোটি টকা ঋণ‌ লৈ স্থাপন কৰা অত্যাধুনিক ছবিগৃহ এছ ভি এফ চিনেমা শীঘ্ৰেই মুকলি কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে ৷ যোৱা ডেৰ বছৰে বেংকৰ পৰা লোৱা সাত কোটি টকা ঋণৰ কিস্তি পৰিশোধ কৰিবলগীয়া হৈছে সুশীল গুঞ্চাই ৷ উল্লেখযোগ্য যে, ৰাজ্যখনৰ চলচ্চিত্ৰ উদ্যোগ ঠন ধৰি উঠাটো মনে-প্ৰাণে কামনা কৰা গুঞ্চাই শোণিতপুৰৰ বিভিন্ন চাহ বাগিচাৰ লগতে শিলিগুৰিৰ পৰা বিশ্বনাথ, মাজুলি, তিনিচুকীয়া, লখিমপশৰ, ঢকুৱাখানা, ধেমাজিত চিনেমা প্ৰদৰ্শন কৰিছিল ৷ ১৯৮০ৰ পৰা ২০০০ লৈকে প্ৰথমে মটৰ চাইকেলৰে চিনেমা প্ৰদৰ্শন কৰা গুঞ্চাই তেতিয়াই সুযোগ পালে তেজপুৰত এটা অত্যাধুনিক চিনেমাগৃহ স্থাপনৰ সপোন দেখিছিল ৷

২০০০ৰ পাছত ৰাজ্যত টেলিভিচনে ছবিগৃহৰ পৰিৱেশ বিনষ্ট কৰিলে বুলি কোৱা ব্যৱসায়ী গুঞ্চাই লগতে কয় যে, অসমৰ নগৰ আৰু গ্ৰাম্য অঞ্চলৰ দৰ্শকৰ ছবিৰ বাচনি পৃথক ৷ এখন ছবি চাবলৈ দৰ্শকক জোৰ-জবৰদস্তি কৰাৰ সলনি দৰ্শকৰ ৰুচীবোধক লৈ ছবি নিৰ্মাণৰ লগতে গ্ৰামাঞ্চলত ছবি সৰু গৃহ নিৰ্মাণ কৰি সকলো দৰ্শকক সহজে ডাঙৰ পৰ্দাত ছবি চোৱাৰ সুযোগ দিব লাগিব বুলি কয় । তেওঁ আৰু কয় যে গুৱাহাটীতকৈ ঢকুৱাখানা বা মাজুলিত অসমীয়া ছবিৰ উপাৰ্জন বহু ভাল হোৱাৰ নজিৰ আছে ৷ তদুপৰি, বছৰটোত কমেও ২০খন অসমীয়া ছবি নিৰ্মাণ হ’লেহে অসমীয়া ছবি উদ্যোগ গঢ় লৈ উঠিব বুলিও তেওঁ কয় ৷

কলকতাৰ দৰে ৰাজ্যত চলচ্চিত্ৰ নিৰ্মাতা কোম্পানীৰ প্ৰৱেশ ঘটিলে ইয়াৰ চিনেমা উদ্যোগ কলাকুশলী সকলো উপকৃত হ’ব বুলি উল্লেখ কৰি গুঞ্চাই কয় যে বৰ্তমান তেওঁৰ ছবিগৃহটোৰ আসন আয়নেক্সৰ দৰে আৰামদায়ক কৰাৰ লগতে প্ৰযুক্তিও তেনে কৰিছে ৷ বৰ্তমান অ’টিটি ব্যৱস্থা ছবিগৃহৰ বাবে নতুন প্ৰত্যাহ্বান হৈ আহিছে বুলিও তেওঁ কয় ৷ কিন্তু চিনেমা হলৰ সোৱাদ সুকীয়া বুলি মন্তব্য কৰি ৰাজ্যখনৰ চলচ্চিত্ৰ উদ্যোগো ঠন ধৰি উঠিব বুলি আশা ব্যক্ত কৰি তেওঁ কয় যে ভাল ছবি নিৰ্মাণ হ’লে দৰ্শকে গুৰুত্ব দিব আৰু দৰ্শকে সহজে সুবিধা পালেহে ছবি ঘৰলৈ আহিব ৷

Exit mobile version