নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ সংবাদমেল

জ্ঞানশ্ৰী বৰাক উদ্দেশ্যি সামাজিক মাধ্যমত কৰা অশালীন মন্তব্য সমগ্ৰ নাৰীজাতিৰ বাবে অপমান

অচিৰেই ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী

 

এটা ৰাজনৈতিক দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাক উদ্দেশ্যি সামাজিক মাধ্যমত কৰা এক অশালীন মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যৰ অগ্ৰণী মহিলা অনুষ্ঠান নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ । এই অপমান কেৱল নেতৃগৰাকীৰেই নহয় বৰঞ্চ সমগ্ৰ নাৰীজাতিৰ অপমান বুলি উল্লেখ কৰি মঞ্চই এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । বুধবাৰে মহানগৰীৰ শিলপুখুৰীত অনুষ্ঠিত এক সংবাদমেলযোগে মঞ্চৰ সম্পাদিকাদ্বয় ক্ৰমে সুমিত্রা হাজৰিকা আৰু সবিতা লহকৰে এই ঘটনাত জড়িত ব্যক্তিকেইজনক অচিৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ।

সুমিত্রা হাজৰিকাই কয়, ‘জ্ঞানশ্ৰী বৰা এগৰাকী উচ্চ শিক্ষিতা ছোৱালী । তেওঁক উদ্দেশ্যি বিশেষ ৰাজনৈতিক দলৰ আই টি চেলৰ ব্যক্তিয়ে সামাজিক মাধ্যমত অশালীন মন্তব্য কৰি অপমান কৰিছে সেই অপমান সমগ্ৰ নাৰীজাতিৰ অপমান । এয়া এক অক্ষমনীয় অপৰাধ । এই ঘটনাত কোন জড়িত সেই কথা ইতিমধ্যে সকলোৰে স্পষ্ট হৈ পৰিছে । এই চৰকাৰখনে যিহেতু দুৰ্নীতি, অপৰাধৰ বিৰুদ্ধে শূণ্য সহণশীলতাৰ কথা কৈ আহিছে , বেটি বচাবলৈ কৈ আহিছে সেয়ে মুখ্যমন্ত্ৰীক অচিৰেই এই ঘটনাত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিলোঁ । নহ’লে এনে ঘটনা বৃদ্ধি পাই গৈ থাকিব । আৰু এনে এটা সময় আহিব য’ত মহিলাই তেওঁলোকৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে মাত মাতিব নোৱাৰা হ’ব ।’

সম্পাদিকা হাজৰিকাই লগতে কয়, ‘নাৰীৰ বাবে বহু আইন আছে যদিও সেই আইন কেৱল নামতহে । এই আইন কঠোৰভাৱে আজিও কাৰ্যকৰি হোৱা নাই । অপৰাধীয়ে দৃষ্টান্তমূলক শাস্তি পোৱা নাই । কেতিয়াবাহে কোনোবাটো অপৰাধত অপৰাধীয়ে শাস্তি পাইছে । যদি অপৰাধীয়ে শাস্তি নাপাই তেতিয়া ভুক্তভোগী তথা ইয়াৰ বিৰুদ্ধে যুঁজ দি থকা সংগঠন সমূহ হতাশ হৈ পৰে । যাৰ বাবে অপৰাধীয়ে পুনৰ আন এটা অপৰাধ সংঘটিত কৰিবলৈ সাহস পাই ।’

ৰাজ্যখনত ক্ৰমবৰ্ধমান নাৰীজনীত অপৰাধৰ ঘটনা ৰোধ কৰিব নোৱাৰিলে নাৰী জাতিটোৰ প্ৰতি ই চূড়ান্ত ভাবুকি কঢ়িয়াই আনিব বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয়, ‘নিতৌ এনে ঘটনা ঘটি আছে । লকডাউনৰ সময়ত ২৬ টাকৈ নাৰীজনীত অপৰাধৰ গোচৰ পাইছোঁ মই । এতিয়া প্ৰতিৰোধ নকৰিলে অনাগত দিনত ভৱিষ্যত প্ৰজন্মৰ ছোৱালীবোৰে ন্যায়ৰ বাবে যুঁজিবই নোৱাৰিব । এনে হ’বলৈ গৈ আছে ।’

সংবাদমেলত মঞ্চৰ আনগৰাকী সম্পাদিকা সবিতা লহকৰে কয়, ‘ জ্ঞানশ্ৰী বৰা এটা ৰাজনৈতিক দলৰ নেত্ৰী হোৱাৰ পূৰ্বে তেওঁ এগৰাকী মহিলা । নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই নাৰীৰ বিৰুদ্ধে সংঘটিত এনে ঘটনাৰ বিৰুদ্ধে সদায় সৰৱ ভূমিকা গ্ৰহণ কৰি আহিছে । সেয়ে এই ঘটনাৰ ক্ষেত্ৰতো আমি মাত মতাৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰিছোঁ । যদি আমি মনে মনে থাকো ঘটনাবোৰ বাঢ়ি গৈ থাকিব । অসমৰ মহিলা সমাজ নির্বিশেষে সকলোৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাব লাগে । জ্ঞানশ্ৰীক উদ্দেশ্যি সামাজিক মাধ্যমত অশালীন মন্তব্য কৰিছে যি আমি উল্লেখ কৰিব নোৱাৰো । এনেধৰণৰ ঘটনা তথা অপৰাধীক কঠোৰ হাতেৰে দমন কৰিব লাগে । বি জে পি আই টি চেলৰ যি ব্যক্তি এই কাণ্ডত জড়িত তেওঁৰ কথা সকলোৱে জানিছে । তেওঁলোকে দলৰ মানুহৰ ওপৰতেই নিয়ন্ত্ৰণ ৰাখিব পৰা নাই । যাৰ বাবে আমি হতাশ হৈছোঁ । আমাৰ ৰাজ্যত নাৰীক সন্মান কৰা হয়, নাৰীৰ ওপৰত নিৰ্যাতন নহয়, যৌতুক প্ৰথা নাই বুলি আমি গৌৰৱ কৰিছিলো । কিন্তু এতিয়া লাজ পাইছো ।’

সংবাদমেলত মঞ্চৰ হৈ দুয়ো নেত্ৰীয়ে জ্ঞানশ্ৰী বৰাক অশালীন মন্তব্য কৰা ব্যক্তিসকলে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনায় ।

Exit mobile version