১০০ কোটি টিকাকৰণৰ প্ৰত্যাহ্বানত জয়ী হৈছে । এইবাৰ, সকলোকে কৰ’না টিকাৰ দ্বিতীয় পালি দিয়াক প্ৰাধান্য দিছে কেন্দ্ৰই । বুধবাৰে দেশৰ ৪০খন জিলাৰ জিলা প্ৰশাসকৰ স’তে ভাৰ্চুৱেল বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
সেই বৈঠকত তেওঁ দ্বিতীয় পালিটোৰ গুৰুত্ব নিৰ্দেশনা দিছিল। ইয়াৰ উপৰিও, এতিয়াৰ পৰা ঘৰে ঘৰে গৈ দিয়া হ’ব ভেকছিন । সেই কাৰ্যসূচীৰ সূচনাও আজি আৰম্ভ হয়।
অতিমাৰী ভাইৰাছ কৰ’না প্ৰতিৰোধ কৰাৰ মুখ্য সঁজুলি হৈছে টিকাকৰণ (Vaccination)। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে মুঠ ১০৭ কোটি ২৯লাখ ৬৬হেজাৰ ৩১৫ পালি কৰ’নাৰ টিকা প্ৰদান কৰা হৈছে।
ইয়াৰ ভিতৰত, কালি ৪১ লাখতকৈও অধিক ভেকছিন দিয়া হৈছিল। দেশৰ কে’বাখনো জিলা টিকাকৰণত যথেষ্ট পিছ পৰি আছে। সেই অভাৱ আঁতৰাবলৈ, এইবাৰ সেই পিছ পৰি থকা জিলাসমূহত ঘৰে ঘৰে টিকাকৰণ কৰা হ’ব।
আজিৰ দিনটোতে ‘হৰ ঘৰ দস্তক’ অভিযান উদ্বোধন কৰা হয়। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “য’ত মানুহে এতিয়ালৈকে টিকাৰ দ্বিতীয় পালি লাভ কৰা নাই, তেওঁলোকে ঘৰে ঘৰে পাব।
এতিয়ালৈকে টিকাকৰণ কেন্দ্ৰলৈ আহি মানুহে ভেকছিন লৈছে। এতিয়া ঘৰে ঘৰে গৈ প্ৰদান কৰা হ’ব কৰ’না প্ৰতিষেধক । “
প্ৰধানমন্ত্ৰীৰ কয়, “যেতিয়াই সংক্ৰমণ হ্ৰাস পাবলৈ আৰম্ভ কৰে , তেতিয়াই গা এৰা মনোভাৱ তৈয়াৰ হয়।এইবাৰ আৰু সেইয়া কৰিলে নছলিব। সকলোৱে যিমান সম্ভৱ সোনকালে টিকাৰ দ্বিতীয় টো পালি গ্ৰহণ কৰক । “
আজিৰ বৈঠকত আৰু এটা ডাঙৰ প্ৰত্যাহ্বানৰ কথাও মনত পেলালে প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীয়ে আশংকা ব্যক্ত কৰে যে টিকাকৰণসম্পৰ্কে এতিয়াও বহু লোকৰ ভুল ধাৰণা আছে।
মোদীয়ে এইটোও অনুভৱ কৰে যে বহুতে পুনৰ উৰা বাতৰিৰ ভুক্তভোগী হৈছে। তেওঁ স্থানীয় ধৰ্মগুৰুসকলক এই ধাৰণাটো ভাঙিবলৈ সহায় বিচাৰিবলৈ পৰামৰ্শ দিছিল।
তেওঁৰ কথাত, “উৰাবাতৰি পৰিহাৰ কৰিবলৈ স্থানীয় ধৰ্মগুৰুসকলৰ সহায় লওক। ভিডিঅ’, অডিঅ’ ক্লিপ তৈয়াৰ কৰি প্ৰচাৰ কৰক। “
দেশৰ প্ৰতিখন গাঁও,চহৰৰ বাবে বেলেগ বেলেগ নীতি লোৱাৰ পৰামৰ্শ দিছে প্ৰধানমন্ত্ৰীয়ে । তেওঁৰ কথাত, “এখন এখন চহৰ,গাঁওৰ বাবে ২৫জনৰ এটা দল তৈয়াৰ কৰক। প্ৰয়োজন হ’লে এনচিচি আৰু এনএছএছৰ সহায় ল’ব। “
‘হৰ ঘৰ টিকা,ঘৰ ঘৰ টিকা’, ক’ভিড টিকাকৰণৰ গতি বৃদ্ধি কৰিবলৈ নতুন মন্ত্ৰ প্ৰধানমন্ত্ৰীৰ ১০০ কোটি টিকাকৰণৰ প্ৰত্যাহ্বানত জয়ী হৈছে । এইবাৰ, সকলোকে কৰ’না টিকাৰ দ্বিতীয় পালি দিয়াক প্ৰাধান্য দিছে কেন্দ্ৰই । বুধবাৰে দেশৰ ৪০খন জিলাৰ জিলা প্ৰশাসকৰ স’তে ভাৰ্চুৱেল বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
সেই বৈঠকত তেওঁ দ্বিতীয় পালিটোৰ গুৰুত্ব নিৰ্দেশনা দিছিল। ইয়াৰ উপৰিও, এতিয়াৰ পৰা ঘৰে ঘৰে গৈ দিয়া হ’ব ভেকছিন । সেই কাৰ্যসূচীৰ সূচনাও আজি আৰম্ভ হয়।
অতিমাৰী ভাইৰাছ কৰ’না প্ৰতিৰোধ কৰাৰ মুখ্য সঁজুলি হৈছে টিকাকৰণ (Vaccination)। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে মুঠ ১০৭ কোটি ২৯লাখ ৬৬হেজাৰ ৩১৫ পালি কৰ’নাৰ টিকা প্ৰদান কৰা হৈছে।
ইয়াৰ ভিতৰত, কালি ৪১ লাখতকৈও অধিক ভেকছিন দিয়া হৈছিল। দেশৰ কে’বাখনো জিলা টিকাকৰণত যথেষ্ট পিছ পৰি আছে। সেই অভাৱ আঁতৰাবলৈ, এইবাৰ সেই পিছ পৰি থকা জিলাসমূহত ঘৰে ঘৰে টিকাকৰণ কৰা হ’ব।
আজিৰ দিনটোতে ‘হৰ ঘৰ দস্তক’ অভিযান উদ্বোধন কৰা হয়। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “য’ত মানুহে এতিয়ালৈকে টিকাৰ দ্বিতীয় পালি লাভ কৰা নাই, তেওঁলোকে ঘৰে ঘৰে পাব।
এতিয়ালৈকে টিকাকৰণ কেন্দ্ৰলৈ আহি মানুহে ভেকছিন লৈছে। এতিয়া ঘৰে ঘৰে গৈ প্ৰদান কৰা হ’ব কৰ’না প্ৰতিষেধক । “
প্ৰধানমন্ত্ৰীৰ কয়, “যেতিয়াই সংক্ৰমণ হ্ৰাস পাবলৈ আৰম্ভ কৰে , তেতিয়াই গা এৰা মনোভাৱ তৈয়াৰ হয়।এইবাৰ আৰু সেইয়া কৰিলে নছলিব। সকলোৱে যিমান সম্ভৱ সোনকালে টিকাৰ দ্বিতীয় টো পালি গ্ৰহণ কৰক । “
আজিৰ বৈঠকত আৰু এটা ডাঙৰ প্ৰত্যাহ্বানৰ কথাও মনত পেলালে প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীয়ে আশংকা ব্যক্ত কৰে যে টিকাকৰণসম্পৰ্কে এতিয়াও বহু লোকৰ ভুল ধাৰণা আছে।
https://twitter.com/explore/tabs/covid-19?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1455814110151536641%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.sangbadpratidin.in%2Findia%2Fpm-narendra-modi-tells-officials-door-to-door-covid-19-vaccination%2F