IS-K Attack : কাবুলৰ সেনা হাস্পাতালত আইএছ আক্ৰমণ, মৃত প্ৰায় ২৫, বহু আহত

1635916728 kabul blast

প্রথমে আত্মঘাতী বিস্ফোৰণ, তাৰ পাছত বন্দুকধাৰীসকলৰ গুলি চালনা । সন্ত্ৰাসবাদী আক্ৰমণত পুনৰ ৰক্তাক্ত আফগানিস্তানৰ ৰাজধানী । মঙলবাৰে দিনত কাবুলৰ এক সেনা হাস্পাতালত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰায় ২৫ জনৰ মৃত্যু হৈছে । বহু আহত । আক্ৰমণ কৰা বুলি স্বীকাৰ কৰিছে আইএছ-কে-য়ে (খোৰাছান) ।

যোৱা ১৫ আগষ্টত তালিবানে কাবুল দখলৰ পাছৰ পৰা একাধিকবাৰ দেশৰ নানা চহৰত আক্ৰমণ চলাইছে সন্ত্ৰাসবাদীসকলে । ছিয়া মছজিদত প্রার্থনাৰ সময়ত আত্মঘাতী বিস্ফোৰণ, পথৰ দাঁতিত ৰখা বোমা বিস্ফোৰণত বহু লোক নিহত আৰু আহত হৈছে । আফগান জনসাধাৰণৰ লগতে তালিবান যুদ্ধাসকলো হতাহত হৈছে । অধিক সংখ্যক আক্ৰমণ স্বীকাৰ কৰিছে আইএছ-কে-য়ে (খোৰাছন) ।

তালিবানৰ মুখপাত্র‌ই আক্ৰমণৰ কিছু পাছতে এক বিবৃতিত জনোৱা হৈছে, হামলাকাৰীসকলক হত্যা কৰা হৈছে ।

মঙলবাৰে দিনত প্ৰায় এক বজাত প্রথমে হাস্পাতালৰ মুখ্য দ্বাৰত বিস্ফোৰণ ঘটাই আত্মঘাতী হয় এজন সন্ত্ৰাসবাদী । হাস্পাতালত হুলস্থূল হোৱাৰ সুযোগতে কেইজনমান বন্দুকধাৰী ভিতৰত সোমায় । এজন বিদেশী সাংবাদিকে জনাইছে, প্রথম বিস্ফোৰণৰ আধা ঘণ্টা পাছত হাস্পাতালৰ ঠিক বাহিৰত ৰখা বিস্ফোৰক গাড়িতে বিস্ফোৰণ হয় । ধোঁৱাৰে আবৃত্ত হৈ পৰে কাবুলৰ আকাশ । অতিস্পর্শকাতৰ ‘গ্রীন জ’ন’-ত যানবাহন চলাচল বন্ধ কৰি দিয়া হৈছিল সাময়িকভাৱে ।

Exit mobile version