Sweet Lemon: প্ৰত্যেক দিনে মৌচুমী খায় ? জানি লওক এই ফল খালে কি হয়

1635687126 1 25

প্ৰতিদিনে ফল খোৱাটো স্বাস্থ্যৰ বাবে ভাল। সেয়েহে, বহুলোকে নিয়মীয়াকৈ বিভিন্ন ধৰণৰ ফল ক্ৰয় কৰে। কিন্তু কি কি ফল খোৱা গুৰুত্বপূৰ্ণ সেইয়া জনাটো জৰুৰী ।

এতিয়া দেশত গোটেই বছৰ বিভিন্ন ধৰণ ফল পোৱা যায়। তাৰ ভিতৰত হ’ল এটা মৌচুমী । বছৰৰ যিকোনো সময়তে বজাৰত ভাল মানদণ্ডৰ মৌচুমী পোৱা যায় ।

জাননে এই ফলৰ লাভালাভসমূহ

★ইয়াত যথেষ্ট ফ্লেভোনইড থাকে। ই হজম বৃদ্ধি কৰে। ফলস্বৰূপে, মৌচুমী খোৱাৰ ফলত অন্য খাদ্য আগতীয়াকৈ হজম হয়।

★ইয়াত আছে প্ৰচুৰ পৰিমাণৰ ভিটামিন চি । ভিটামিন চি-য়ে আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন স্বাভাৱিক কৰি ৰাখে।

★ ইয়াৰ ভিটামিন চি-য়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।

★ মৌচুমীৰ ফলিক এচিডে শৰীৰৰ পেশী আৰু হাড়ক শক্তি প্ৰদান কৰে। আৰ্থ্ৰাইটিছৰ দৰে সমস্যাবোৰো দূৰত ৰখাত সহায় কৰে।

★ এই ফল ছালৰ বাবেও অতি উপযোগী। প্ৰতিদিনে মৌচুমী ৰস খোৱা বা মুখত লগোৱাটোৱে আমাৰ ছালৰ মৃত কোষবোৰ পৰিষ্কাৰ কৰে।

Exit mobile version