Taliban : বিদেশী মুদ্রা লেনদেন নিষিদ্ধ, আফগানিস্তানত নতুন ফতোৱা তালিবানৰ

1635923869 afgan currency

তালিবানে দখলৰ পাছতে অর্থ সংকটত পৰিছে আফগানিস্তান । ৰাজনৈতিক বিশৃংখলতাৰ বাবে নিৰাপত্তা দিবলৈ কেন্দ্রীয় বেংকৰ সমস্ত ৰিজার্ভ সঞ্চিত ৰখা হয় আমেৰিকাত । এনে পৰিস্থিতিত আফগান নাগৰিকে দৈনন্দিন লেনদেন কৰিছিল ডলাৰ তথা পাকিস্তানি টকাত । এইবাৰ বিদেশী মুদ্রা লেনদেন বন্ধৰ ফতোৱা জাৰি কৰিলে তালিবানে । মঙলবাৰৰ পৰা আফগানিস্তানত নিষিদ্ধ হ’ল অন্য দেশৰ মুদ্রা ব্যৱহাৰ ।

দুই দশক ধৰি আফগানিস্তানত ঘাঁটি কৰি সন্ত্ৰাসবাদী দমন অভিযান চলাইছিল আমেৰিকাই । সেই সময়ৰ পৰাই দেশত আমেৰিকাৰ ডলাৰ লেনদেনৰ পৰিমাণ বাঢ়ে । ইয়াৰ উপৰি দীর্ঘদিন ধৰি পাক সীমান্তৱর্তী অঞ্চলত পাকিস্তানি মুদ্রা ব্যৱহাৰ বহুল প্রচলিত । মঙলবাৰৰ পৰা এইসমূহ নিষিদ্ধ কৰা হৈছে । তালিবানি ফতোৱা অনুযায়ী, ভিন দেশৰ মুদ্রা ব্যৱহাৰ কৰিলেই শাস্তি !

ভয়াবহ অর্থ সংকটত ভুগিছে আফগানিস্তান । তালিবান চৰকাৰক এতিয়াও স্বীকৃতি দিয়া নাই বিশ্বৰ অধিক সংখ্যক দেশে । ফলত বৈদেশিক অর্থ সাহায্যৰ পৰিমাণো অত্যন্ত সীমিত‌ । লগতে, দেশত বিদেশী নাগৰিকৰ উপস্থিতি লক্ষণীয়ভাৱে কমি যোৱাত কাবুলৰ বিদেশী মুদ্রাৰ পৰিমাণো বাঢ়িছে । এনে পৰিস্থিতিত দেশৰ ভাঙি পৰা অর্থনীতি সৱল কৰিবৰ বাবে আফগানিস্তানৰ মুদ্রা ‘আফগানি’ ব্যৱহাৰৰ ফতোৱা জাৰি কৰিলে তালিবানে ।

মঙলবাৰে জাৰি কৰা এক বিবৃতিত তালিবান মুখপাত্র জাবিউল্লাহ মুজাহিদে ঘোষণা কৰে, এতিয়াৰে পৰা স্থানীয় কাৰ্যত বা ব্যৱসায়ত বিদেশী মুদ্রা ব্যৱহাৰ কৰিলে তাক দণ্ডনীয় বুলি বিবেচিত কৰা হ’ব ।

Exit mobile version