কাশ্মীৰত সেনাৰ স’তে দীপাৱলী উদযাপন কৰিব মোদীয়ে

FDVO9gOVEAoC6s6 1636010489367 1636010503606

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উৎসৱ জন্মু-কাশ্মীৰৰ সুৰক্ষাত নিয়োজিত সেনা জোৱানৰ স’তে উদযাপন কৰিব।

প্রধানমন্ত্ৰীয়ে দীপাৱলীত জম্মুৰ ৰাজৌৰী জিলাৰ নৌচহৰাত উপস্থিত হৈ সেনাৰ স’তে উৎসৱৰ আনন্দ গ্ৰহণ কৰিব। প্রধানমন্ত্ৰীৰ আগমন উপলক্ষে ইতিমধ্যে অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

উল্লেখ্য যে মোদীয়ে প্রতি বছৰে সেনাৰ স’তে দীপাৱলী পালন কৰি আহিছে। সীমান্তত দেশৰ নিৰাপত্তাৰক্ষাত অহৰহ নিয়োজিত সেনাৰ মনোবল বৃদ্ধি কৰিবলৈ প্রধানমন্ত্রীয়ে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে।

Exit mobile version