দলঙৰ অভাৱত বাগসাৰ বাৰাপেটাত নৈত আবদ্ধ হ’ল এখন এম্বুলেঞ্চ

ddc03b0e efbd 4b63 b8ae a4299f3bf312

বাগসাৰ খাৰিজা বিজনীৰ বাৰাপেটা মিলন বজাৰ-বৰপেটাৰোড সংযোগী পথত থকা ওলোটাই খুন্দা উপনৈত আজি বহুসময় ধৰি আবদ্ধ হৈ পৰে এখন এম্বুলেঞ্চ৷ উক্তস্থানত থকা জৰাজীৰ্ণ কাঠৰ দলঙখন ভাঙি পকী দলঙ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল বিভাগীয় কতৃপক্ষই৷

কিন্তু যোৱা চাৰিটা বছৰে নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল পকী দলঙখনৰ৷যাৰ বাবে পানীৰ মাজেৰে বিপদসংকুল ভাৱে উপনৈখন পাৰ হ’ব লওতেই নৈখনত আবদ্ধ হৈ পৰে AS 19 C 5388 নম্বৰৰ এম্বুলেঞ্চখন৷ বহুসময় পাছত ৰাইজৰ অশেষ চেষ্টা আৰু এখন ট্ৰেক্টৰৰ সহায়ত পানীৰ মাজৰ পৰা এম্বুলেঞ্চখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে উক্ত দলঙখন সম্পৰ্কত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰৰ পাছতো বিভাগীয় কতৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷যাতায়তৰ সুবিধাৰ্থে শীঘ্ৰেই দলঙখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে৷

Exit mobile version