ভাৰতত নিচা সেৱনকাৰী ৬৫ শতাংশ আসক্তৰ বয়স ১৮ অনুর্ধ্ব

alcohol pouring into glass

ভাৰতত বিভিন্ন ধৰণৰ নিচাযুক্ত দ্রব্য সেৱনকাৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। বিগত তিনি বছৰত দেশত নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় পাঁচগুণ বৃদ্ধি পালে।

মুম্বাইৰ লগতে বলিউডত দেশৰ ভিতৰতে সৰ্বাধিক গতিত নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় আৰু প্ৰচলন বৃদ্ধি পাইছে।

পৰিসংখ্যা অনুসৰি ভাৰতত উপলব্ধ নিচাযুক্ত দ্রব্যসমূহৰ ৮৪ শতাংশ পাকিস্তানৰ ফালৰ পৰা সৰবৰাহ কৰা হয়।

পাকিস্তানৰ সীমান্তৱৰ্তী ৰাজস্থান আৰু পঞ্জাৱৰ লগতে মুম্বাইতো সৰ্বপ্ৰথমে এনেবোৰ নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিক্ৰী কৰা হয়।

নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ীয়ে প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে শিক্ষানুষ্ঠানৰ আশে-পাশে নিষিদ্ধ মাদকৰ বেহা চলাই আহিছে।

চাইল্ড লাইন ইণ্ডিয়া ফাউণ্ডেচনৰ এক প্রতিবেদনৰ তথ্য মতে, ভাৰতত নিচা সেৱনকাৰী ৬৫ শতাংশ আসক্তৰ বয়স হৈছে ১৮ বছৰতকৈ তলত। এই বয়সৰ লোকৰ মাজত দেশত নিচা আসক্তৰ সংখ্যা বৃদ্ধি পাইছে।

Exit mobile version