কৰ’না ভাইৰাছ সংক্ৰমণৰ ফলত ইউৰোপত কমেও পাঁচ লাখতকৈ অধিক লোকৰ মৃত্যু হ’ব পাৰে। বৃহস্পতিবাৰে এনে আশংকাৰ কথা জনাইছে বিশ্ব স্বাস্থ্য সংস্থা (হু)য়ে।
হু-ৰ ইউৰোপ শাখাৰ আঞ্চলিক সঞ্চালক হান্স ক্লুগে কয়, “ইউৰোপৰ পৰিস্থিতি যথেষ্ট চিন্তাৰ বিষয়। শেহতীয়াকৈ সংক্ৰমণৰ গতি লক্ষ্য কৰাৰ পাছত, আমাৰ আশংকা ,অহা বছৰৰ আৰম্ভণিতে মৃত্যুৰ সংখ্যা আৰু আধা নিযুত (পাঁচ লাখ) বৃদ্ধি হ’ব পাৰে।প্ৰসংগত, হু-ৰ ইউৰোপ শাখাৰ অধীনৰ ৫৩ খন দেশ। ইয়াৰে দুখন দেশ ইউৰোপীয় ইউনিয়নত অন্তৰ্ভুক্ত নহয়। ৰাছিয়া আৰু তুৰস্ক।
এই বছৰৰ এপ্ৰিলৰ দ্বিতীয় সপ্তাহত, ইউৰোপত ক’ভিড-১৯ সংক্ৰমণৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ১০লাখ অতিক্ৰম কৰিছে। হান্সে জনায়,সম্পতি ইউৰোপত ৫৩খন দেশত সংক্ৰমণ যি গতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে,সেইয়া হ্ৰাস নহ’লে বিপদ অনিবাৰ্য । এই পৰিস্থিতিত, টিকাকৰণ কেনেদৰে চলিছে ,কি পৰ্যায়ত আছে সেই বিষয়ে চিন্তা নকৰাকৈ সংক্ৰামক ৰোগৰ ক্ষেত্ৰত কি কৰা উচিত সেই অনুসৰি কৰ’না-নিয়ম প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিছে হু-য়ে।