Diwali in Ayodhya : ন লক্ষাধিক মাটিৰ চাকি জ্বলিল সৰয্যূ নদীৰ পাৰত, গিনিছ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত অযোধ্যাৰ

ayodhya pti1 1635949313

ন লক্ষাধিক মাটিৰ চাকি জ্বলাই নতুন অভিলেখ গঢ়িলে অযোধ্যা । দীপাৱলী উপলক্ষে সৰয্যূ নদীৰ পাৰত বুধবাৰে ন লাখ ৪১ হেজাৰ ৫৫১টা মাটিৰ চাকি জ্বলোৱা হৈছিল । এটা ঠাইতে ইমান সংখ্যক মাটিৰ চাকি ইয়াৰ আগতে বিশ্বৰ ক’তো কেতিয়াও জ্বলোৱা হোৱা নাছিল । মাটিৰ চাকি জ্বলাই কৰিলে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ ।

এই নতুন অভিলেখৰ কথা বুধবাৰে জনাইছে ৰাজ্যখনৰ তথ্য আৰু সম্প্রচাৰ বিভাগে । গিনিছ কর্তৃপক্ষ‌ই অভিলেখৰ এখন শংসাপত্রও দিছে । যোগী ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগৰ আইএএছ বিষয়াই তেওঁৰ টুইটাৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰিছে সেই শংসাপত্রৰ ছবি ।

সৰয্যূ নদীৰ পাৰৰ উপৰিও অযোধ্যাৰ বিভিন্ন স্থানত আরৰু তিনি লাখ চাকি জ্বলোৱা হৈছিল বুধবাৰে । সৰয্যূৰ পাৰৰ অনুষ্ঠানত উপস্থিত আছিল উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যো‌গী আদিত্যনাথ । ১২ হেজাৰ স্বেচ্ছাসেৱকে চাকি জ্বলোৱাৰ কাম হাতত লয় । ৰাম কি পেৰি ঘাটত লেজাৰ শ্ব’ৰ মাধ্যমত দেখুওৱা হৈছিল ৰামায়ণৰ বিভিন্ন দৃশ্য । দীপাৱলীৰ প্রাক ক্ষণত নতুন অভিলেখৰ সাক্ষী হ’ল ‘ৰাম জন্মভূমি’ ।

Exit mobile version