Viral : পিজ্জাৰ মাজত প্লাষ্টিকৰ টেবল ! ৰহস্য জানিলে হতবাক হ’ব আপুনি

5shiahug pizza

বিশ্বত পিজ্জা প্ৰেমীৰ কোনো অভাৱ নাই। পিজ্জা খাই সকলোৱে ভাল পায় । যদি খুৱাও নাই তেতিয়াহলেও দেখাটো নিশ্চিত। সম্পতি পিজ্জাৰ এখন ছবিয়ে তোলপাৰ লগাইছে সামাজিক মাধ্যমত।

সাধাৰণতে পিজ্জা টুকুৰা কৰি বক্সত ভৰাই দিয়া হয় বা গ্ৰাহকসকলক পৰিৱেশন কৰা হয়। শেহতীয়াকৈ পিজ্জাৰ যি ফটো ভাইৰেল হৈছে তাত দেখা গৈছে পিজ্জাৰ ঠিক মাজত এখন প্লাষ্টিকৰ টেবুল ৰখা হৈছে ।

টেবুলখন কিয় ৰখা হৈছে ? পিজ্জাটো মাজত টেবুলখন কিয় ৰখা হয়? এই প্ৰশ্নটোৱে এতিয়া পিজ্জা প্ৰেমীসকলৰ মাজত এটা ৰহস্যৰ সৃষ্টি কৰিছে।

সেই টেবুলখনে পিজ্জা কাটে বুলি ভাবিলে আপোনাৰ ভুল হব। তেন্তে কি হয় ? এইবাৰ সেই ৰহস্যটো উদ্ঘাটন কৰা যাওক।

দৰাচলতে, সেই টেবুলখনক ‘পিজ্জা ষ্টুল’ বুলি কোৱা হয়। বক্সৰ ভিতৰত থকা পিজ্জা যাতে বাকচটোত লাগি নাযায় অৰ্থাৎ বাকচটো মজবুত ভাবে ধৰি ৰাখে তাৰ কাৰণে টেবুলখন দিয়া হয় ।

Exit mobile version