Coronavirus : ইউৰোপ আৰু এছিয়াত পুনৰ বৃদ্ধি হ’ব পাৰে ক’ভিড সংক্ৰমণ, ৫৩খন দেশক সতৰ্ক কৰিলে হু-ৱে

3edhl1f4 coronavirus

ধাৰণা কৰা হৈছিল কৰ’না নামক বিভীষিকাৰ পৰা মুক্তি পাইছে বিশ্ব‌ই । হেজাৰ হেজাৰ মানুহৰ প্রাণ কঢ়াৰ পাছত অবশেষত ক্ষান্ত হ’ব মানৱ সভ্যতাৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ অদৃশ্য শত্রু । সেই সময়তেই নতুন শংকাৰ কথা জনালে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই । হু’ৰ ধাৰণা, কৰ’না অতিমাৰী শেষ হোৱা নাই । বৰঞ্চ নতুনকৈ আঘাত হানাৰ প্রস্তুতি চলাইছে । আমি ঠিক সেই পৰ্যায়ত আছো, য’ৰ পৰা বিগত বৰ্ষত কৰ’নাৰ (Coronavirus) দ্বিতীয় তৰংগ আৰম্ভ হৈছিল সমগ্ৰ বিশ্বত ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ইউৰোপ আৰু মধ্য এছিয়াৰ প্ৰায় ৫৩খন দেশ এক ভয়াবহ সন্ধিক্ষণত আছে । হু-ৰ ইউৰোপৰ ডিৰেক্টৰ হেন্স ক্রুজে এক সাংবাদিক বৈঠকত কয়, “ইউৰোপ (Europe) আৰু মধ্য এছিয়াৰ ৫৩খন দেশত সংক্রমণৰ বর্তমান হাৰ গুৰুতৰ উদ্বেগৰ কাৰণ । এটা নির্ভৰযোগ্য আৰু বাস্তৱসন্মত হিচাপ কৰিলে শংকা কৰিব পাৰি যে, অহা ফেব্রুৱাৰীৰ ভিতৰত আৰু হাফ মিলিয়ন বা পাঁচ লাখ মানুহৰ মৃত্যু হ’ব পাৰে ।”

হু-ৱে কয়, কৰ’নাৰ নতুন নতুন ষ্ট্ৰেনৰ যি হাৰত সংক্রমণ হৈছে সেয়া ভয়াবহ । সংক্রমণৰ এই গতি অব্যাহত থাকিলে আগন্তুক কেইমাহৰ ভিতৰতে ভয়াবহ ৰূপ ধাৰণ কৰিব এই অতিমাৰীয়ে । বিশ্ব স্বাস্থ্য সংস্থাই কয়, হু’ৰ ইউৰোপীয় অঞ্চলৰ পৰিস্থিতি ভয়াবহ উদ্বেগৰ । হেন্স ক্রুজে কয়, আমি এক ভয়াবহ সন্ধিক্ষণত আছো । বহু দেশে সংক্রমণৰ হাৰ পুনৰ অভিলেখ স্তৰ চোইছে । অৱশ্যে, স্বস্তিৰ কাৰণ এইটোৱে যে সম্প্ৰতি বিভিন্ন দেশৰ স্বাস্থ্য মন্ত্রণালয় বা সংস্থাবোৰ এই কৰ’না ভাইৰাছ (Covid-19) সম্পর্কে বহু অৱগত । ইউৰোপয দেশবোৰে কৰ’না ৰোধ কৰিবলৈ আৰু পৰিশ্রম কৰিব লাগিব ।

বিশ্ব স্বাস্থ্য সংস্থাই যি দাবী কৰিছে, তাক সত্ৰ প্ৰমাণিত কৰিছে ৰাছিয়াসহ একাধিক দেশৰ পৰিসংখ্যাই । ৰাছিয়াত এই পৰ্যন্ত কৰ’নাত দৈনিক মৃত্যুৱে সর্বকালৰ সকলো অভিলেখ অতিক্ৰম কৰিছে । কেৱল কালিৰ দিনটোত দেশখনত কৰ’নাত মৃত্যু হৈছে এহেজাৰ ১১৯ জনৰ । আক্রান্ত ৪০ হেজাৰৰো অধিক । ৰাছিয়াৰ উপৰিও পার্শ্বৱর্তী কিছুসংখ্যক দেশত কৰ’নাৰ দৈনিক পৰিসংখ্যা সম্প্ৰতি অভিলেখ পর্যায়ত । যিয়ে উদ্বেগৰ সৃষ্টি কৰিছে ।

Exit mobile version