Dengue : দেশত বৃদ্ধি পাইছে ডেংগীৰ প্রকোপ, আক্রান্ত হ’লে কি খাব আৰু কি খাব নালাগে

d4523f90 1669 11ec a13e d4a68f9db710 1631741705345 1631975220280

বিগত ডেৰ বছৰত অতিমাৰীৰ কবলত সকলোৱে প্রায় পাহৰিয়ে গৈছে কৰ’নাৰ বাহিৰে অন্যান্য অসুখৰ কথা । কিন্তু ভাৰতবর্ষৰ দৰে দেশত ডেংগী, মেলেৰিয়া, যক্ষ্মাৰ দৰে ৰোগত প্রতি বছৰেই বহু লোকে প্রাণ হেৰুৱাই । সম্প্রতি ৰাজধানীত বৃদ্ধি পাইছে ডেংগীৰ সংক্রমণ । ডেংগীৰ সময়ত শৰীৰ দুর্বল হৈ পৰে । খোৱা-বোৱাৰ ক্ষেত্রত কিছু সাৱধানতা অৱলম্বন কৰিলে দুর্বলতা কমে । এই সময়ত কি কি খাব ‌আৰু কি কি খাব নালাগে ?

কি খাব লাগে :

১) অমিতা পাতৰ ৰস : গৱেষণা অনুসৰি অমিতা পাতৰ ৰসে অনুচক্রিকাৰ সংখ্যা বৃদ্ধি কৰে । ডেংগীৰ ফলত শৰীৰত অনুচক্রিকাৰ মাত্রা অস্বাভাৱিক হাৰত হ্রাস পায় । সেয়ে অমিতা পাতৰ ৰস এই সময়ত খুবেই উপকাৰী । ইয়াৰ উপৰি ইয়াত পাপাইন আৰু কাইমোপাপাইনৰ দৰে উপকাৰী এনজাইমো থাকে ।

২) ডালিম : আলিমত প্রচুৰ পৰিমাণে আয়ৰন থাকে । ফলত দেহৰ শক্তি বৃদ্ধি হয়, অনুচক্রিকাৰ সংখ্যা বৃদ্ধি কৰাটো সহায় কৰে ।

৩) দৈ : দৈনন্দিন খাদ্যৰ তালিকাত দৈৰ দৰে প্র’বায়’টিক ৰখা অতি প্ৰয়োজনীয় । ই দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

৪) নাৰিকল পানী : জ্বৰৰ পার্শ্ব-প্রতিক্রিয়া হিচাপে শৰীৰত পানীৰ পৰিমাণ কমা খুবেই স্বাভাৱিক । ই দেহত পানীৰ অভাৱ পূৰণ কৰিব, তদুপৰি পুষ্টি আৰু বিভিন্ন ইলেক্ট্র’লাইট সমৃদ্ধ এই নাৰিকল পানীয়ে দৈহিক শক্তিও বৃদ্ধি কৰিব ।

৫) ব্রকলি : ব্রকলিত প্রচুৰ পৰিমাণে ভিটামিন কে থাকে যি অনুচক্রিকা পুনৰুৎপাদনত সহায় কৰে । অন্যান্য পুষ্টিৰেও পৰিপূৰ্ণ ব্রকলি ।

কি খাব নালাগে :

১) ভজা-পুৰা খাদ্য : ডেংগীৰ সময়ত পাতল আহাৰ গ্ৰহণ কৰিব লাগে । ভজা-পুৰা খাদ্য‌ই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে । ৰোগ প্রতিৰোধ ক্ষমতাও কমি যায় । সেয়ে এই সময়ছোৱাত এনে ধৰণৰ খাদ্য গ্ৰহণ নকৰাই ভাল ।

২) জলা-মছলালাযুক্ত খাদ্য : জলা খাদ্য‌ই পাকস্থলিত এচিড উৎপাদন কৰে, যিয়ে আলছাৰৰ শংকা বৃদ্ধি কৰে । আৰোগ্য লাভৰ সময়ো দীর্ঘায়িত হয় । এই সময়ত যিকোনো জলা খাদ্য নোখোৱাই ভাল ।

৩) চাহ-কফি : জ্বৰৰ সময়ত গোটেই দিন ঘৰত থাকিলে বাৰে বাৰে চাহ-কফি জাতীয় পানীয় খাব মন যায় । কিন্তু সাৱধান, ইয়াৰ পৰা আঁতৰি চলিব । কাৰণ, চাহ-কফিয়ে দেহত পানীৰ অভাৱৰ সৃষ্টি কৰে ।

Exit mobile version