Facebook : নাম বিভ্ৰাটত ফেচবুক

FACEBOOK CONNECT 38 1635465217204 1635465236545

একেই নামৰ দুটা সংস্থা, বিভ্ৰাটত ফেচবুক ! বিগত মাহত ফেচবুকে নাম পৰিৱৰ্তন কৰি ‘মেটা’ ৰাখিছে । ল’গ’ আৰু নাম সলনি কৰি ফেচবুক মেটাৰ বর্তমান শ্ল’গান… ‘মানুহৰ স’তে মানুহৰ যোগাযোগৰ বিৱর্তন হৈছে, সেয়ে আমি নিজকে উন্নত কৰিছো ।’ কিন্তু সমস্যা হৈছে অন্য ঠাইত, সম্প্রতি সংবাদ মাধ্যমৰ সূত্র অনুসৰি, আন এটা সংস্থাই আগষ্টতে ‘মেটা’ নামৰ বাবে নথিভুক্ত কৰি ৰাখিছিল ।

‘মেটা পিচি’ নামৰ এই সংস্থাটো মূলত কম্পিউটাৰ, লেপটপ, টেবলেট আৰু ছফ্টৱেৰ বিক্রী কৰে । সংস্থাৰ স্বত্বাধিকাৰী জ’ ডার্গাৰ আৰু জেক শ্বাটে জনাইছে, তেওঁলোকৰ সংস্থা ‘মেটা পিচি’ এবছৰতকৈ অধিক সময় ধৰি চলি আছে । আগষ্টতেই তেওঁলোকে প্রথম ব্ৰেণ্ড হিচাপে ‘মেটা’ নামটোৰ বাবে আবেদন কৰে ।

জ’ আৰু জেকৰ সংস্থা অৱশ্যে এতীয়াও মেটা নামৰ অধিকাৰপ্রাপ্ত নহয় । অর্থাৎ এই পৰ্যন্ত মার্ক ‌জোকাৰবাৰ্গৰ সুযোগ আছে নামটো লাভ কৰাৰ । ইয়াৰ উপৰি, জ’ আৰু জেকে এইটোও জনাইছে যে, দুই কোটি ডলাৰৰ (ভাৰতীয় মুদ্রাত প্রায় ১৫০ কোটি টকা) বিনিময়ত ‘মেটা’ নামকৰণৰ আবেদন প্ৰত্যাহাৰ কৰিব তেওঁলোকে ।

জ’ আৰু জেকে সংস্থাৰ টুইটাৰ একাউন্টত এটা মিম প’ষ্ট কৰিছে, প’ষ্টত দেখা যায়, মার্ক ‌জোকাৰবাৰ্গে ‘মেটা পিচি’ৰ এটা লেপটপ ধৰি আছে । প’ষ্ট কৰা হৈছে এটা ব্যংগাত্মক ভিডিঅ’ও, ভিডিঅ’টোত দেখা গৈছে, মেটা পিচিৰ নাম উলোটা কৰি ‘ফেচবুক’ ৰখা হ’ব ।

Exit mobile version