পাকিস্তানত পেট্ৰ’লতকৈও দামী হ’ল চেনি, প্রতি কিলোৰ মূল্য ১৫০ টকালৈ বৃদ্ধি

sugar vs petrol price pakistan

মূল্যবৃদ্ধিয়ে আকাশলংঘী ৰূপ ধাৰণ কৰা পাকিস্তানত পেট্ৰ’লজাত সামগ্রীতকৈও অধিক মূল্য হ’ল চেনিৰ।ইমৰান খান শাসিত দেশখনত সম্প্রতি প্রতি কিলো চেনিৰ মূল্য ১৫০ টকা হৈছে। পাকিস্তানত বর্তমানে প্রতি লিটাৰ পেট্‌’লৰ মূল্য হৈছে ১৩৮.৩০ টকা।

পাকিস্তানৰ পৰা প্ৰকাশিত জিঅ’ সংবাদপত্ৰৰ বাতৰি অনুসৰি দেশখনৰ কেবাখনো চহৰত সম্প্ৰতি চেনিৰ মূল্য পেট্ৰ’লতকৈ অধিক হৈছে।

পেছোৱাৰ চহৰত চেনিৰ মূল্য প্রতি কিলোত আঠ টকা বৃদ্ধি পালে। পাইকাৰী বজাৰত ১৪০ টকা আৰু খুচুৰা বজাৰত ১৫০ টকা মূল্যত প্রতি কিলোগ্রাম চেনি বর্তমান বিক্ৰী হৈছে। পাকিস্তানত সম্প্রতি বিগত ৭০ বছৰৰ পাছত সৰ্বাধিক মূল্যবৃদ্ধি হৈছে।

Exit mobile version