মানাহৰ ভূঞাপাৰা ৰেঞ্জত বন্যহস্তীৰ কৰুণ মৃত্যু

দুসপ্তাহে বেমাৰত ভূগি মৃত্যুমুখত দুবছৰীয়া বন্যহস্তীটো

81c2227a 48ce 4eb6 9c94 d1ddfd0b88af

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ অন্তৰ্গত কোকলাবাৰীত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়৷ বনবিভাগৰ চূড়ান্ত হেমাহিৰ বাবে এটা দুবছৰীয়া বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটে ৷

দুসপ্তাহে বনৰীয়া হাতীটোৱে বেমাৰত ভুগি আছিল যদিও সকলো জানিও বনবিভাগৰ শীৰ্ষ বিষয়াই চিকিৎসা প্ৰদান কৰাৰ বাবে কোনো ধৰণৰ গুৰুত্ব নিদিয়া বুলি বনকৰ্মীয়ে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে ৷

কোকলাবাৰীৰ ঘন জংঘলত মৃত হাতীটোৰ নিথৰ দেহ প্ৰত্যক্ষ কৰি ঘটনাস্থলীত উপস্থিত সকলোৱে দুখ প্ৰকাশ কৰে৷ ঘটনাস্থলীত বহু পলমকৈহে বনবিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত হয় ৷

বনবিভাগে যদি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেন্তে মৃত্যুৰ দুৱাৰডলিৰ পৰা বনৰীয়া হাতীটোৱে উভতি আহিব পাৰিলেহেঁতেন বুলি বহুতেই মন্তব্য কৰিছে ৷

ঘটনাস্থলীত এবছু নেতা যুৱৰাজ বসুমতাৰী আৰু এনজিঅৰ কৰ্মী কালিচৰণ বসুমতাৰীয়ে বিটিচিৰ বনবিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীক বন্যহস্তী মৃত্যুৰ ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে ৷

Exit mobile version