গো সুৰক্ষা আইনৰ পাছত পুনৰ বন সুৰক্ষা আইনে বিপদত পেলাইছে গো পালকক

বাগসাৰ খাৰিজা বিজনীত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পাঁচ কি:মি: আঁতৰত গো বাথান ৰখাৰ নিৰ্দেশ

3899eda1 54e3 4ca7 8c0f 1a97eb2ec6b0

বাগসাৰ খাৰিজা বিজনী তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলৰ অন্তৰ্গত কাহিতামা বনাঞ্চলিক কাৰ্যালয়ৰ সমীপৰ দাঁতি কাষৰীয়া অঞ্চলত যুগ যুগ ধৰি থকা গো বাথানবোৰক বনাঞ্চলৰ পৰা পাঁচ কি:মি আঁতৰত ৰখাৰ নিৰ্দেশনা প্ৰদান কৰিছে বন বিভাগে৷

যাৰ বাবে আতংকিত,শংকিত হৈ পৰিছে ৪০ টাকৈ গো বাথান থকা গাঁওবাসীয়ে৷ তথ্য অনুসৰি বন বিভাগৰ পৰা ক’ভিড মহামাৰী, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ সুৰক্ষা, আফ্ৰিকান চোৱাইন ফেভাৰ আদিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানৰ আশে-পাশে থকা সকলো বাথান যাতে উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগে৷

যাৰ বাবে আজি সমীপৱৰ্তী কেবাখনো গাঁৱৰ ৰাইজে একত্ৰিত ভাবে ৰাইজ মেল পাতি আলোচনা কৰি সংবাদ মাধ্যমযোগে উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰে৷

ৰাইজৰ মতে যুগ যুগ ধৰি নিজ মাটিতে বসবাস কৰি গৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে৷অঞ্চলবাসীৰ একমাত্ৰ জীৱিকা গো বাথান৷ এই গাঁৱৰ বাহিৰে তেওলোকৰ বিকল্প মাটি নাই ঘৰ কেনেকৈ বনাব?

গো বাথান আঁতৰালে মানুহো আঁতৰিব লাগিব৷ কি যুক্তিত এই জাননী প্ৰদান কৰিলে বিভাগে,বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কিয় এই জাননী প্ৰদান কৰিলে, ২০২০ চনৰ জাননী পলমকৈ কি চক্ৰান্তত ২০২১ শেষৰ দিশে প্ৰদান কৰিলে তকো এমাহৰ সময়সীমাত বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে৷

ৰাইজৰ দাবী এই নিৰ্দেশনা বিভাগে উঠাই ল’ব লাগে অন্যথা বিভাগৰ বিৰুদ্ধে আইনী যুঁজ দিবলৈ গো পালক সকলৰ লগতে ৰাইজ সম্পূৰ্ণভাবে সাজু৷ ৰাইজৰ যুক্তি, গো বাথানে উদ্যানৰ কোনো ক্ষতি কৰা নাই বৰঞ্চ লাভ হৈছে৷

কাৰণ সময়ে সময়ে বাথানৰ গৰু ভক্ষণ কৰি উদ্যানৰ বাঘ বৃদ্ধি হৈছে ৷ বাথানৰ গৰু ভক্ষণ কৰি বাঘৰ সংখ্যা বৃদ্ধি পাইছে যাৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এৱাৰ্ড পাবলৈও সক্ষম হৈছে৷

Exit mobile version