Iraq : ইৰাকত প্রধানমন্ত্রীৰ বাসভৱনত প্রাণঘাতী ড্র’ন আক্ৰমণ, কথমপি ৰক্ষা পৰিল আল-কাদিমি

Iraq PM Mustafa al Kadhimi

কথমপি ৰক্ষা পৰিল ইৰাকৰ প্রধানমন্ত্রী মুস্তাফা আল-কাদিমি । দেওবাৰে পুৱা তেওঁৰ বাসভৱনত বিস্ফোৰকৰে ভৰা ড্র’ন আক্ৰমণ কৰা হয় । সেনা সূত্রে খবৰ, প্রধানমন্ত্রীক হত্যা কৰিবৰ বাবেই এই প্রাণঘাতী আক্ৰমণ কৰা হৈছিল । এই ঘটনাত প্রধানমন্ত্রীৰ সাতজন নিৰাপত্তাৰক্ষী আহত হৈছে ।

কটকটীয়া নিৰাপত্তাৰ মাজতো বাগদাদৰ গ্রীন জ’নত কেনেদৰে এই আক্ৰমণ চলোৱা হ’ল, কোনে কৰিলে আৰু এই ঘটনাত নিৰাপত্তা ব্যৱস্থাত ক’ত ত্রুটি আছিল তাক লৈ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে বুলি সেনা সূত্রে জনোৱা হৈছে । যদিও এই আক্ৰমণৰ ভাৰ কোনো ব্যক্তি বা গোষ্ঠীয়ে স্বীকাৰ কৰা নাই ।

স্থানীয় বাসিন্দাসকলৰ দাবী, তেওঁলোকে পুৱাই দুটা বিস্ফোৰণৰ শব্দ শোনে । তাৰ পাছতেই গুলি চালনাৰ শব্দ । পৰৱৰ্তী সময়ত বিষয়টো স্পষ্ট হয় । সেই অঞ্চলটোত প্রধানমন্ত্রীৰ বাসভৱনৰ উপৰিও গুৰুত্বপূর্ণ চৰকাৰী কাৰ্যালয় আৰু বৈদেশিক কূটনীতিবিদসকলৰ বাসভৱন আছে । সম্প্রতি গ্রিন জ’ন এলাকাত ইৰানপন্থীসকলে প্রতিবাদ, বিক্ষোভ প্রদর্শন কৰিছিল । সেই ঘটনাৰ স’তে কোনো যোগ আছে নে নাই সেয়াও পৰ্যবেক্ষণ কৰিছে চোৰাংচোৱাসকলে ।

Exit mobile version