আশাৰ ৰেঙণি কঢ়িয়াই দুদিনত বক্স অফিচত ৫০ কোটি টকা সংগ্ৰহ অক্ষয়ৰ ‘সূৰ্যবংশী’ৰ

138228 kmrqqvryuf 1584021582

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সুদীর্ঘ দিন বন্ধ হৈ থকাৰ পাছত সম্প্রতি চিত্ৰগৃহসমূহ পুনৰ মুকলি কৰা হৈছে।

যােৱা শুকুৰবাৰে চিত্ৰগৃহত ৰােহিত ছেট্ৰী পৰিচালিত ছবি ‘সূর্যবংশী’-এ মুক্তি লাভ কৰিছে। ক’ভিড পৰিৱর্তী পৰিস্থিতিত মুক্তি লাভ কৰা অক্ষয় কুমাৰ আৰু কেটৰিণা কাঈফ অভিনীত এইখন ছবিয়ে বক্স অফিচলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিলে।

মাত্র দুদিনতে এইখন ছবিয়ে দেশৰ বক্স অফিচত ৫০ কোটি টকাৰাে অধিক ব্যৱসায় কৰিবলৈ সফল হ’ল। শুকুৰবাৰে মুক্তিৰ দিনা সূর্যবংশী’য়ে বক্স অফিচত মুঠ ২৬.২৯ কোটি টকাৰ ব্যৱসায় কৰিছিল।

শনিবাৰে এইখন ছবিয়ে দ্বিতীয়দিনা সংগ্রহ কৰা ধনৰ পৰিমাণ আছিল ২৩.৮৫ কোটি টকা। দ্বিতীয় দিনা ছবিখনৰ ব্যৱসায় সামান্য হ্রাস পালেও দেওবাৰে ছুটীৰ দিন হিচাপে ‘সূর্যবংশী’ৰ ব্যৱসায় বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে।যােৱা শুকুৰবাৰে দেশজুৰি ৩৫১৯ পর্দাত ‘সূর্যবংশী’ক মুক্তি দিয়া হৈছিল।

Exit mobile version