উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল, গ্ল’বেল স্প’ৰ্টছ একাডেমী গোসাইগাঁৱৰ জয়

WhatsApp Image 2021 11 08 at 6.36.16 PM

ওদালগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ওদালগুৰি জিলা এবছুৰ সহযোগত স্থানীয় নলবাৰী খেলপথাৰত চলি থকা ২৭ সংখ্যক সৰ্বভাৰতীয় উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাত আজিৰ প্ৰথম ৰাউণ্ডৰ খেলত গ্ল’বেল স্প’ৰ্টছ একাডেমী গোসাইগাঁও মুখামুখি হয় সোনাডুবা ৰূপালী ক্লাৱ পশ্চিম বংগৰ স’তে ।

খেলৰ প্ৰথম অৰ্দ্ধত দুয়োটা দলে কোনো ধৰণৰ গোল দিবলৈ সক্ষম নহ’ল যদিও দ্বিতীয় অৰ্দ্ধত খেলৰ ৮৮ মিনিটত গ্ল’বেল স্প’ৰ্টছ একাডেমী গোসাইগাঁৱৰ নিকোডিম নাৰ্জাৰীয়ে এটা গোল দিয়ে । খেলৰ সম্পূৰ্ণ সময়ৰ অন্তত গ্ল’বেল স্প’ৰ্টছ একাডেমী গোসাইগাংৱে ১-০ গোলত জয়লাভ কৰে ।

খেলৰ মাজতে নীতি বহিৰ্ভূত খেল প্ৰদৰ্শনৰ বাবে গোসাইগাঁৱৰ ৰুষ্টম ব্ৰহ্ম‌ক ৰেফাৰীয়ে ৰেড কাৰ্ড প্ৰদৰ্শন কৰি খেলৰ পৰা বাহিৰ কৰি দিয়ে । কালিৰ খেল লাংঘিন এফচি কাৰ্বি আংলং আৰু এলেভেন ষ্টাৰ এফচি বঙাইগাঁৱৰ মাজত অনুষ্ঠিত হ’ব ।

Exit mobile version