এইবাৰ পুৰীৰ আৰ্হিত লণ্ডনত নিৰ্মাণ কৰা হ’ব জগন্নাথদেৱৰ মন্দিৰ

Odia society of UK to construct grand Jagannath temple in London

ওড়িছাৰ পুৰীৰ আৰ্হিত এইবাৰ জগন্নাথদেৱৰ বিশাল মন্দিৰ নিৰ্মাণ কৰা হ’ব লণ্ডনত। ব্রিটেইনৰ জগন্নাথ ছ’চাইটিয়ে ২০২৪ বৰ্ষৰ ভিতৰত লণ্ডনত এই মন্দিৰটো নির্মাণ সম্পূর্ণ কৰিব।

ওড়িছাৰ পৰা নিমগছৰ কাঠ নি ইতিমধ্যে লণ্ডনত জগন্নাথ, বলােৰাম আৰু সুভদ্রাৰ বিগ্রহ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে।

লণ্ডনৰ ছাউথহলৰ ৰাম মন্দিৰত জগন্নাথদেৱৰ পূজা-অর্চনাও আৰম্ভ কৰা হৈছে। ২০ৰ পৰা ৪০ একৰ ভূমিত এই মন্দিৰটো নির্মিত হ’ব।

২০২২বৰ্ষৰ ভিতৰতে মন্দিৰ নিৰ্মাণৰ বাবে জগন্নাথ ছ’চাইটিয়ে ভূমি লাভ কৰিব আৰু ইয়াৰ পাছতে মন্দিৰ নিৰ্মাণৰ আনুষ্ঠানিক কাম-কাজ আৰম্ভ হ’ব।

Exit mobile version