জনপ্ৰিয় নেতাৰ তালিকাত ভাৰতৰ প্ৰধানমন্ত্ৰীতকৈ বহু পাছত আছে বিদেশী ৰাষ্ট্ৰনেতা : মর্ণিং কনচাল্টৰ সমীক্ষা

পুনৰ বিশ্বৰ জনপ্ৰিয়তম ৰাষ্ট্ৰনেতাৰ স্বীকৃতি প্ৰধানমন্ত্ৰী মোদীলৈ

dee 12

পুনৰ বিশ্বৰ সবাতােকৈ জনপ্রিয়। ৰাষ্ট্রনেতাৰ স্বীকৃতি লাভ কৰিলে ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে। আমেৰিকাৰ সংস্থা ‘মর্ণিং কনচাল্ট’-এ চলােৱা এক সমীক্ষাত ৭০ শতাংশ লােকৰ সমর্থন লাভৰে শীর্ষস্থান লাভ কৰিলে ভাৰতৰ প্রধানমন্ত্রীয়ে।

মার্কিন সংস্থাটোৰ সমীক্ষাৰ তথ্য অনুসৰি জ’বাইডেন, এঞ্জেলা মর্কেল, বৰিছ জনছন, জাইৰ’ বলছনাৰ’, ইমানুৱেল মেক্র’ৰ দৰে ৰাষ্ট্রনেতাক বহু পাছ পেলাই বিশ্বৰ সবাতােকৈ জনপ্রিয় ৰাষ্ট্রনেতা হিচাপে স্বীকৃত হ’ল মােদী।

প্রতি সপ্তাহত ‘মৰ্ণিং কনচাল্ট’-এ বিশ্বৰ ১৩ খন দেশৰ ৰাষ্ট্রপ্রধানৰ জনপ্রিয়তা পৰিমাপ কৰি আহিছে। যােৱা শনিবাৰে মার্কিন সংস্থাটোৱে প্ৰকাশ কৰা শেহতীয়া সমীক্ষাৰ ফলাফলত শীর্ষস্থান লাভ কৰিলে ভাৰতৰ প্রধানমন্ত্রীয়ে।

এই সপ্তাহত ভাৰতৰ প্রধানমন্ত্রীৰ তালিকাখনত এপ্রভেল ৰেটিং হৈছে ৭০ শতাংশ। স্মর্তব্য যে ২০১৯ বৰ্ষত ‘মৰ্ণিং কনচাল্ট’-এ যেতিয়া প্রথম সমীক্ষা আৰম্ভ কৰিছিল সেই সময়তাে মােদীৰ এপ্লভেল ৰেটিং ৬০ শতাংশ উর্ধ্বত আছিল।

চলিত সপ্তাহত জনপ্রিয়তাৰ নিৰিখত ৬৬ শতাংশ সমর্থন লাভৰে মােদীৰ পাছত আছে মেক্সিকোৰ ৰাষ্ট্রপতি ল’পেজ অ’ব্ৰাডৰ। আনহাতে, তৃতীয় স্থানত ইটালীৰ প্ৰধানমন্ত্রী মাৰিঅ’ দ্রাঘী, চতুর্থ স্থানত জার্মানীৰ চেঞ্চেলৰ এঞ্জেলা মর্কেল আৰু পঞ্চম স্থানত আছে অষ্ট্রেলিয়া প্রধানমন্ত্রী স্কট মৰিছন।

কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন টুডুৱে ষষ্ঠ আৰু আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে সপ্তম স্থান তালিকাখনত লাভ কৰিছে। কিন্তু দেশত মূল্যবৃদ্ধিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছতাে কেনেকৈ মােদীৰ জনপ্রিয়তা বিশ্বজুৰি হঠাতে পুনৰ বৃদ্ধি পালে বুলি প্রশ্ন উত্থাপিত হৈছে।

সম্প্রতি জি-২০ সন্মিলন আৰু গ্লাছগাে জলবায়ু সন্মিলনত এইদৰে বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্রনেতাৰ স’তে মােদীয়ে একাত্ম হৈছিল, ইয়াৰ পৰিণতিতে ভাৰতৰ প্রধানমন্ত্রীজনৰ জনপ্রিয়তা বিশ্বত বৃদ্ধি পালে বুলি ধাৰণা কৰা হৈছে।

Exit mobile version