ডিচেম্বৰৰ ভিতৰতে ৯৭ হেজাৰ কোটিলৈ বৃদ্ধি পাব চৰকাৰৰ ঋণ

personal loan pl

ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা উপর্যুপৰি ঋণ গ্রহণ প্রক্রিয়া অব্যাহত ৰাখিছে এনেদৰে ঋণ গ্রহণক অসমৰ উন্নয়নৰ মাপকাঠি বুলি ব্যাখ্যা আগবঢ়াই সক্ষমতা থকা বাবেহে ঋণ ল’বলৈ অসম সক্ষম হৈছে বুলি চৰকাৰে কৈ আহিছে।

লক্ষ্যণীয়ভাৱে হিতাধিকাৰীকেন্দ্রিক আঁচনি ৰূপায়ণৰ বাবেই অসম চৰকাৰৰ ঋণৰ পৰিমাণ এইদৰে বৃদ্ধি হৈছে। ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত বাঢ়িছে ঋণৰ বােজা।

বিত্ত বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, অহা ডিচেম্বৰৰ ভিতৰত অসমৰ ঋণৰ পৰিমাণ ৯৭ হেজাৰ কোটি টকা হ’বগৈ। বিভাগে উলিওৱা এক হিচাপত এই তথ্য প্রকাশ পাইছে।

বিত্তীয় বর্ষ শেষ হােৱালৈ সেই পৰিমাণ আৰু অধিক বৃদ্ধি হােৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিভাগীয় সূত্র মতে, ঋণ বৃদ্ধিৰ মূলতে হৈছে হিতাধিকাৰী আঁচনিত ব্যয় বৃদ্ধি।

বিভাগৰ তথ্য মতে চলিত বিত্তীয় বৰ্ষত চৰকাৰে ১২ হেজাৰ কোটি টকা অকল হিতাধিকাৰীৰ নামতে ব্যয় কৰাৰ পৰিকল্পনা কৰিছে। সেই পৰিমাণ অধিক বৃদ্ধি হােৱাটোও নুই কৰিব নােৱাৰি।

কিয়নাে হিতাধিকাৰীকেন্দ্রিক নতুন নতুন আঁচনি আগন্তুক দিনবােৰত ৰূপায়ণৰ পৰিকল্পনা কৰিছে চৰকাৰে। বিত্ত বিভাগৰ তথ্য অনুসৰি, বৰ্তমানৰ ৰাজ্য চৰকাৰৰ শাসনত বৃদ্ধি হােৱা নতুন হিতাধিকাৰীৰ সংখ্যা কমেও চাৰি লাখ।

ফলত ব্যয়ৰ মাত্র ঊর্ধ্বমুখী হৈ গৈ আছে। ব্যয়ৰ জোৰা মাৰিবলৈ চলিত মাহত চৰকাৰে ২৬শ কোটি টকা ঋণ গ্রহণ কৰিব। ডিচেম্বৰত পুনৰ ১২শ কোটি টকাৰ ঋণ ল’ব চৰকাৰে।

যােৱা অক্টোবৰলৈ ৰাজ্য চৰকাৰে লােৱা মুঠ ঋণৰ পৰিমাণ আঠ হেজাৰ কোটি টকাৰাে অধিক। বিভাগীয় তথ্য মতে, কুশল কোঁৱৰ বৃদ্ধ পেঞ্চনৰ বাবদ ১৩ লাখ হিতাধিকাৰীক মাহে আঢ়ৈশ কোটি টকা দি থকা হৈছে।

ইন্দিৰা মিৰি সার্বজনীন বিধবা পেঞ্চনতাে ১.৭ লাখ হিতাধিকাৰীক মাহিলি আঢ়ৈশ টকাকৈ দি থকা হৈছে। তেনেদৰে অৰুণােদয় আঁচনিত ১৭ লাখ হিতাধিকাৰীক এহেজাৰ টকাকৈ বেংক একাউণ্টত জমা দিয়া হৈছে।

এহেজাৰকৈ দি থকা হৈছে দীনদয়াল দিব্যাংগ আঁচনিত। এনেবােৰ হিতাধিকাৰী আঁচনিৰ মাজতে নতুনকৈ মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনিৰ বাবদ মাহিলি ৩,৬০০ টকাৰ উপৰি ক’ভিডত ক্ষতিগ্রস্ত ক্ষুদ্র ব্যৱসায়ী,বাছ কৰ্মচাৰী, পুৰােহিত, নামঘৰীয়া, সত্ৰাধিকাৰ আদিকো বিভিন্ন হিতাধিকাৰী আঁচনিত নতুনকৈ সামৰি লােৱা হৈছে।

ইয়াৰে বাছৰ কৰ্মচাৰী, নামঘৰীয়া আদিৰ বাবে গ্ৰহণ কৰা আঁচনি এককালীন হলেও ব্যয় হ’বলগীয়া ধনৰ পৰিমাণ কম নহ’ব বুলি বিত্ত বিভাগ নিশ্চিত হৈছে। উল্লেখ্য যে এককালীন সাহায্য দিবলগীয়া এনে কেবাখনাে আঁচনি ৰূপায়ণৰ প্রতিক্রিয়াহে সদ্যহতে আৰম্ভ কৰা হৈছে।

এইবােৰৰ উপৰি আগন্তুক বৰ্ষৰ আৰম্ভণিতে অৰুণােদয় আঁচনিত নতুন হিতাধিকাৰীক অন্তর্ভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। প্ৰতিটো বিধানসভা সমষ্টিত কমেও পাঁচ হেজাৰকৈ নতুন হিতাধিকাৰীৰ নাম আঁচনিখনত অন্তর্ভুক্ত হ’ব।

ফলত অৰুণােদয়ত নতুন হিতাধিকাৰী হ’ব প্রায় ৬.৩ লাখ। ইয়াৰ উপৰি নৱেম্বৰৰ পৰাই মাইক্রফাইনেন্সৰ ঋণ ৰেহাই প্রক্রিয়া আৰম্ভ কৰিবলৈ চৰকাৰ আগবাঢ়িছে।

Exit mobile version