Turmeric Benefits : প্ৰত্যেক দিনে কেঁচা হালধি খায় ? চাওক ইয়াৰ উপকাৰিতা

turmeric root and powder

ৰূপচর্চাত হালধিৰ ব্যাপক ব্যৱহাৰ প্ৰচলিত। ৰন্ধাৰ ক্ষেত্ৰত হালধি অতি প্ৰয়োজনীয় উপাদান । কিন্তু হালধিৰ অন্য এটাও পৰিচয় আছে। সেয়া হৈছে ঔষধি হালধি।

হালধি স্বাস্থ্যৰ বাবে অতি উপকাৰী উপাদান। বিশেষকৈ ৰাতিপুৱা শুই উঠি খালি পেটত একটুকুৰা কেঁচা হালধি খালে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। কেঁচা হালধিয়ে আৰু কেনেকৈ সহায় কৰে?

★ কেঁচা হালধিয়ে হজমশক্তি বৃদ্ধি কৰি খাদ্য পৰিপক্কতাত যথেষ্ট সহায় কৰে।

★ কেঁচা হালধিৰ মুখ্য উপাদান কাৰকিউমিনে হাড়ৰ ক্ষয়ক ৰোধ কৰে।

★ইনফ্লেমটৰি আৰু এন্টি-অক্সিডেণ্ট থকা কেঁচা হালধি বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা খাদ্যনলীক সুৰক্ষিত ৰাখে।

★ কেঁচা হালধিয়ে ৰক্ত শৰ্কৰাৰ স্তৰ আৰু ইনচুলিন হৰমনৰ কাৰ্যপ্ৰণালী সকলো ধৰণে বজাই ৰখাত সহায় কৰে।

★হালধিত থকা এণ্টি-বেক্টেৰিয়া-প্ৰতিৰোধী উপাদানবোৰে দাঁতবোৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা মুক্ত ৰাখে। দাঁতৰ গূৰি শক্তিশালী কৰে।

★ হালধিত যথেষ্ট পৰিমাণে আয়ৰণ থাকে। হালধি তেজত আয়ৰণৰ পৰিমাণ হ্ৰাস হ’লে বৃদ্ধি কৰাত কাৰ্যকৰী হয় হালধি ।

★ দীৰ্ঘদিন ধৰি কলেষ্টেৰলত ভুগি থকা সকলৰ বাবে কেঁচা হালধিয়ে যাদুৰ দৰে কাম কৰিব।

Exit mobile version