শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন

মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান আৰম্ভ কৰে অসম বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰীয়ে ।

উক্ত সভাত আদৰি ভাষণ আগবঢ়ায় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব মাননীয় সুদৰ্শন ঠাকুৰে । অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কৰ্মচাৰীয়ে কলাক্ষেত্ৰৰ শীৰ্ষ গীত পৰিবেশন কৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে মাননীয় জনাৰ্দন গোস্বামী, পৱন বৰঠাকুৰ, প্ৰাঞ্জল শইকীয়া, মাধুৰিমা বৰুৱা সেন, অনুৰাধা শৰ্মা পূজাৰী, যোগেন মোহন আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।

Exit mobile version