হৃদয় বিদাৰক ! জিএমচিএইছৰ সন্মুখতে চিকিৎসাৰ অভাৱত মৃত্যু পদপথৰ বাসিন্দাৰ

দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি যােৱা এবছৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখৰ পদপথত বসবাস কৰি অহা এজন লােকৰ চিকিৎসৰ অভাৱত মৃত্যু হােৱা আৰু সৎকাৰৰ বাবে কে’বাঘণ্টা ধৰি পুত্ৰই পদপথতে মৃতদেহটো লৈ ৰৈ থকা এক হৃদয় বিদাৰক দৃশ্যৰ সাক্ষী হৈ ৰ’ল আজি গুৱাহাটী মহানগৰী।

ব্যস্ততাপূর্ণ অঞ্চলটোৰ পদপথৰ ওপৰত এটা মৃতদেহ পৰি থকাৰ পাছতাে কাষৰে বহু লােক পাৰ হৈ সমগ্র দৃশ্য প্রত্যক্ষ কৰাৰ পাছতাে দুৰ্ভগীয়া পুত্ৰৰ কাষলৈ এজনাে লােক সহায়ৰ বাবে আগবাঢ়ি নাহিল।

অৱশ্যে মৃতদেহটো লৈ পুত্রই কে’বাঘণ্টা ধৰি পদপথতে ৰৈ থকাৰ পাছত সেই দিশৰে যােৱা সাংবাদিকৰ এটা দলে ঘটনা প্রত্যক্ষ কৰাৰ পাছত দলটোৱে ভঙাগড় আৰক্ষীক খবৰ দিয়াত মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰা হয়।

উল্লেখ্য যে পদপথৰ ওপৰতে পুত্রৰ সতে । বাস কৰা গীতানুগৰৰ প্ৰণৱ চন্দ্র দাস নামৰ লােকজনে চিকিৎসাৰ অভাৱতে সাৱটি ল’লে কৰুণ মৃত্যুক। পুত্রই সদৰী কৰা অনুসৰি,গীতানগৰত পৰিয়ালটোৰ ঘৰ-মাটি আছিল যদিও বেংকৰ ঋণ পৰিশােধ কৰিব নােৱাৰাত সেই মাটি-বাৰী বেংকে হস্তক্ষেপ কৰিলে।

যাৰ ফলত তেওঁলােকে যােৱা এবছৰ ধৰি জিএমচিএইছৰ সন্মুখৰ পদপথত পিতা-পুত্রই বসবাস কৰি আহিছে। আজি বহুদিন ধৰি পিতৃ বেমাৰত ভুগি আছে বুলি যুৱকজনে সদৰী কৰি কয়,‘জিএমচিএইছত ভর্তি কৰিছিলাে; কিন্তু তাত কেৱল চেলাইনটোহে বিনামূলীয়াকৈ পাঁও।

ঔষধ কিনিবলৈ টকাৰ অভাৱত তাৰ পৰা উলিয়াই আনিলাে। ‘উল্লেখ্য যে ৰাজ্যৰ চিকিৎসা খণ্ডৰ বৰঘৰৰ সন্মুখতে একমাত্র দৰিদ্ৰতাৰ বাবেই চিকিৎসাৰ অভাৱত এজন লােকৰ মৃত্যু হােৱা ঘটনাই সর্বত্রে চর্চা চলিছে।

Exit mobile version