বলিউডৰ প্রয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গােচৰত আমেৰিকাৰ পৰা কিছু ক্ষেত্ৰত সহায় বিচাৰিলে কেন্দ্রীয় তদন্তকাৰী সংস্থা চি বি আয়ে।
প্রয়াত অভিনেতাজনৰ ‘ডিলিট’ হােৱা ই-মেইল আৰু ছ’চিয়েল মিডিয়াৰ বিভিন্ন তথ্যপাতি লাভ কৰিবলৈ আমেৰিকাৰ সহায় বিচাৰিছে কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে।
উল্লেখ্য যে ২০২০ৰ ১৪ জুনত সুশান্তৰ মৃতদেহ ৰহস্যজনক অৱস্থাৰ বান্দ্রাৰ এটা এপার্টমেণ্টৰ পৰা উদ্ধাৰ হৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত যােৱা বছৰত আগষ্টত অভিনেতাজনৰ মৃত্যুৰ ৰহস্যভেদৰ বাবে তদন্তৰ দায়িত্ব চি বি আইক অর্পণ কৰা হৈছিল।
ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, চি বি আয়ে সুশান্তৰ ই-মেইল আৰু ছ’চিয়েল মিডিয়া একাউণ্টৰ’ডিলিট’ হােৱা বিভিন্ন তথ্যপাতিআমেৰিকাৰ পৰা বিচাৰিছে।
কেলিফর্ণিয়াত অৱস্থিত গুগল আৰু ফেচবুকৰ কাৰ্যালয়ৰ পৰা চি বি আয়ে প্রয়াত অভিনেতাজনৰ সন্দৰ্ভত এনেবােৰ তথ্যপাতি আহৰণ কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে।






























