China : অসম ৰাইফলছৰ শিবিৰ দখল কৰি অৰুণাচলত চীনা গাঁও ! প্ৰতিবেদনত প্ৰকাশিত

1636045559 china arunachal

১৯৫৯ পর্যন্ত অসম ৰাইফলছৰ শিবিৰ আছিল । প্রকৃত নিয়ন্ত্রণৰেখাৰ (এলএচি) প্রায় চাৰে চাৰি কিলোমিটাৰ ভিতৰত অৰুণাচল প্রদেশৰ আপাৰ সুবনশিৰি জিলাৰ সেই ঠাইত গঢ়ি উঠিছে এখন সম্পূৰ্ণ চীনা গা‍ঁও !

সম্প্রতি আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ এটা প্ৰতিবেদনত ভাৰতীয় ভূখণ্ডত চীনা বাহিনীৰ অনুপ্রৱেশ আৰু গাঁও নির্মাণৰ কথা জনোৱা হৈছে । প্রকাশিত হৈছে সেই গাঁৱৰ উপগ্রহচিত্রও । সেই প্ৰতিবেদনতেই উল্লেখ আছে দুর্গম অঞ্চলটোত ৫০ৰ দশকত অসম ৰাইফলছৰ শিবিৰৰ কথা ।

আমেৰিকাৰ প্রতিৰক্ষা বিভাগৰ বিগত বৰ্ষৰ বার্ষিক প্ৰতিবেদনত এই ঘটনাৰ কথা জনাই কোৱা হৈছিল, তাছৰি চু নদীৰ পাৰত স্থাপন কৰা সেই গাঁৱত প্রায় ১০১টা ঘৰ তৈয়াৰ কৰিছে চীনৰ সেনাই । বক্তব্যৰ সমর্থনত এটা উপগ্রহ চিত্রও প্রকাশ কৰা হৈছিল । সেইটো ২০২০ৰ এক নৱেম্বৰত তোলা হৈছে বুলি দাবী ।অৰুণাচল প্রদেশত প্ৰৱেশ কৰি চীনে গাঁও নিৰ্মাণ কৰাৰ অভিযোগ আমেৰিকাৰ প্ৰতিবেদনত ।

প্ৰতিবেদনত প্ৰকাশিত, ৬০ৰ দশকৰ আৰম্ভণিতেই অসম ৰাইফলছক আঁতৰাই তাছৰি চু নদীৰ পাৰৰ এই অঞ্চল দখল কৰিছিল চীনৰ পিপলছ লিবাৰেছন আর্মি (পিএলএ)এ । পাছত আঁতৰি যায় তেওঁলোক । কিন্তু পৰৱর্তী পাঁচ দশক ধৰি লাহে লাহে সেই অঞ্চল চীনৰ ফৌজে তেওঁলোকৰ নিয়ন্ত্রণত আনে ।

বিগত বৰ্ষৰ নৱেম্বৰত আৰুণাচলৰ বিজেপি সাংসদ টাপিৰে অভিযাগ কৰিছিল, আপাৰ সুবনশিৰি জিলাত এলএচি পাৰ হৈ ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰি স্থায়ী পৰিকাঠামো বনাইছে চীনে । পাছত যোৱা এপ্রিলত আমেৰিকাৰ কংগ্রেছত জমা দিয়া বার্ষিক প্ৰতিবেদনত ‘অফিচ অৱ দ্য ডিৰেক্টৰ অৱ নেচনেল ইন্টেলিজেন্স’এ জনাইছিল ভাৰতীয় ভূখণ্ড বেদখলৰ কথা ।

Exit mobile version