চাৰিবছৰৰ পাছত আমচাংৰ জনশিমলুত পুনৰ বিজুলী সংযোগ

প্ৰায় চাৰি বছৰ পূৰ্বে আমচাং অভয়াৰণ্যৰ গাতে লাগি থকা জনশিমলু অঞ্চলত কামৰূপ মহানগৰ জিলা প্ৰশাসনে উচ্ছেদ কৰাৰ পাছত সম্পূৰ্ণৰূপে প্ৰশাসনে বিছিন্ন কৰি থৈ দিছিল বিজুলী যোগান।

ইয়াৰ পাছতেই জনশিমলু বাসীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ তৰিছিল। পাছত উচ্চ ন্যায়ালয়ে জনশিমলু বাসীৰ হৈ ৰায়দান দিয়াৰ লগতে জনশিমলু বাসীক পুনৰ বিজুলী সংযোগ প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

নিৰ্দেশ প্ৰদানৰ পাছতেই বুধবাৰে ৫২ নং দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই জনশিমলু অঞ্চলত পুনৰ বিজুলী সংযোগ আৰম্ভ কৰে।

জনশিমলু ননকে জন কল্যান সমিতিৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত বুধবাৰে বিধায়ক গৰাকীয়ে এই কাৰ্যসূচীৰ আৰম্ভ কৰে। কাৰ্যসূচী আৰম্ভ কৰি বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে পূৰ্বৰ পৰাই জিলা প্ৰশাসন তথা বন বিভাগে জনশিমলুত চলোৱা উচ্ছেদ কাৰ্যৰ বিৰোধিতা কৰি আহিছিল।

কিয়নো জনশিমলু অঞ্চলত থকা লোক সকলে আমচাং অভয়াৰণ্যৰ মাটি বেদখল কৰা নাছিল। তেওঁলোকে সম্পূৰ্ণ ৰাজহ মাটিত হে আছিল। গতিকে বন বিভাগে নিজৰ মুনাফাৰ বাবে পুঁজিপতিক বনাঞ্চলৰ মাটি আবন্টন দিয়াত ৰাজহ ভূমি সমূহ পিছত বন বিভাগৰ নিজৰ বুলি উল্লেখ কৰি উচ্ছেদ কৰি আহিছে। গতিকে এনে উচ্ছেদৰ বিৰোধিতা কৰি আহিছে বিধায়ক গৰাকীয়ে।

Exit mobile version