টিকাকৰণৰ বিকল্প নাই : প্রতিষেধক গ্রহণকাৰীৰ কৰ’নাত মৃত্যুৰ শংকা ১৬ গুণ কম

115324754 gettyimages 1283824133

কৰ’না বিৰােধী যুঁজৰ মূল অস্ত্র এপাতে আৰু সেয়া হৈছে প্রতিষেধক। অষ্ট্রেলিয়াৰ স্বাস্থ্য গৱেষকে শেহতীয়াভাৱে চলােৱা এক অধ্যয়নত লাভ কৰা তথ্য অনুসৰি, ক’ভিডৰ দুপালি প্রতিষেধক গ্রহণ কৰা ব্যক্তিৰ ক্ষেত্ৰত কৰ’নাত আক্রান্ত হলে মৃত্যুৰ শংকা সর্বনিম্ন হয়।

এই অধ্যয়নত অষ্ট্রেলিয়াৰ গৱেষকে দাবী কৰা অনুসৰি, দুপালি প্রতিষেধক গ্রহণ কৰা ব্যক্তি ক’ভিড-১৯ত সংক্রমিত হলেও তেনে ৰােগী চিকিৎসালয়ৰ আই চি ইউত ভর্তি হােৱা অথবা মৃত্যুৰ শংকা ১৬ গুণ কম হয়।

একেটা অধ্যয়নত গৱেষকে জানিব পাৰিলে যে প্রতিষেধক গ্রহণ নকৰা প্রতি এক লাখ লােকৰ ১৬ জন ক’ভিডত সংক্রমিত হােৱাৰ পাছত আই চি ইউত ভর্তি হ’ব লগা অথবা তেওঁলােকৰ মৃত্যু হৈছিল।

Exit mobile version