তামাৰহাটত চটপূজাৰ ব্যাপক আয়োজন

মনৰ কামনা পূৰণ কৰিবলৈ সূৰ্য্য দেৱতাক পূজা

b8541bb1 6def 4d7e 8c3a b846dcf4276d

ৰাজ্যৰ আন প্ৰান্তৰ দৰে তামাৰহাটতো উলহ মালহেৰে সূৰ্য দেৱতাক আৰাধনা ৰাইজৰ । মনৰ আশা পূৰণ কৰিবলৈ সূৰ্য দেৱতাক প্ৰণাম কৰাৰ লগতে পূজা অৰ্চনা কৰে নদীৰ ঘাটত।

ধুবুৰী জিলাৰ তামাৰহাট পাৰ ঘাটত চটপূজা ব্যাপক আয়োজন।চটপূজা উপলক্ষে নদীৰ ঘাট সমূহ ৰংচঙীয়া কৰি সজাই পৰাই তুলিছে।

বিভিন্ন ধৰণৰ লাইট আদি সংযোগ কৰি আটক ধুনীয়া কৰি তুলিছে। বিভিন্ন প্ৰান্তৰ হিন্দী ভাষী পৰিয়ালৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ লোক সকলে এই পূজাত অংশ গ্ৰহণ কৰা দেখা যায়।

উলহ মালহেৰে চটপূজা কৰা দেখা যায় নদীৰ পাৰত। একো একোটা পৰিয়ালে পূজাৰ বিভিন্ন সামগ্ৰী লৈ নদী ঘাটত উপস্থিত হৈ সূৰ্য অস্ত্ যোৱাৰ মুহূৰ্তত প্ৰাৰ্থনা কৰা দেখা যায়।

Exit mobile version