এই জিলাত প্ৰতিষেধক গ্ৰহণ নকৰিলে নাপায় পেট্ৰ’ল-ডিজেল-ৰেছন, কঠোৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

media handler

ঔৰংগাবাদ জিলা প্রশাসনে ৰেছনৰ দোকান, গেছ এজেন্সি আৰু পেট্র’ল পাম্পবোৰক নির্দেশনা প্ৰেৰণ কৰি জনোৱা হৈছে, যিসকলে এই পৰ্যন্ত এপালি হ’লেও ক’ভিড ভেকচিন লৈছে তেনে লোককহে নিত্যপ্রয়োজনীয় সামগ্রী আৰু ইন্ধন দিয়া হ’ব । মাৰাঠৱাৰাৰ এই জিলাত মানুহক টিকা ল’বলৈ বাধ্য কৰিবলৈয়ে এনে পদক্ষেপ লোৱা হৈছে ।

চলিত মাহৰ আৰম্ভণিতে জিলা কলেক্টৰে আদেশ দিছিল যে, যিসকলে ক’ভিড ভেকচিনৰ এটা পালিও লোৱা নাই তেওঁলোকক ঔৰংগাবাদৰ ঐতিহাসিক স্থান আৰু স্মৃতিস্তম্ভবোৰত প্রৱেশৰ অনুমতি দিয়া নহ’ব । উল্লেখ্য, এই জিলাত টিকা গ্রহণকাৰীৰ সংখ্যা যথেষ্ট কম । সেয়ে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে জিলা প্রশাসন ।

মঙলবাৰে জাৰি কৰা নিৰ্দেশত ঔৰংগাবাদ জিলা কলেক্টৰ সুনীল চৌহানে ন্যায্য মূল্যৰ দোকান, গেছ সংস্থা আৰু পেট্র’ল পাম্পৰ কর্তৃপক্ষক গ্রাহকৰ টিকা শংসাপত্র পৰীক্ষা কৰাৰ নির্দেশ দিছে । নিৰ্দেশ অনুসৰি, ক’ভিড প্ৰতিষেধকৰ এপালি হ’লেও গ্ৰহণ কৰা সকলেহে গেছ এজেন্সিৰ পৰা চিলিণ্ডাৰ আৰু পেট্ৰ’ল পাম্পৰ পৰা ইন্ধন ল’ব পাৰিব ।

নিৰ্দেশনা অনুসৰণ নকৰিলে, প্রশাসন দুর্যোগ ব্যৱস্থাপনা আইন আৰু মহামাৰী ৰোগ আইনৰ অধীনত সংশ্লিষ্ট ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনায় জিলা প্ৰশাসকে । উল্লেখ্য, এই পর্যন্ত ঔৰংগাবাদ জিলাত টিকাৰ যোগ্য জনসংখ্যাৰ প্রায় ৫৫ শতাংশক টিকা দিয়া হৈছে । ৰাজ্যত এই সংখ্যা ৭৪ শতাংশৰ । ৰাজ্যৰ তুলনাযত জিলাত যথেষ্ট কম সংখ্যক টিকাকৰণ সম্ভৱ হৈছে । মহাৰাষ্ট্রৰ ৩৬খন জিলাৰ ভিতৰত টিকা দিয়া নিৰিখত ঔৰংগাবাদ ২৬তম স্থানত আছে ।

Exit mobile version