বাগসাৰ জাখলিবিলত ১১ বছৰীয়া কিশোৰক হত্যা

হত্যাত অভিযুক্ত দুই ভাতৃক গ্ৰেপ্তাৰ

5ce4e185 befd 44e4 8a06 2e46053c285d

বাগসাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত তথা শিমলাগুৰি আৰক্ষী চকীৰ অধীনস্থ জাখলিবিলত সংঘটিত হৈছে এক কিশোৰ হত্যাৰ দৰে অপৰাধজনিত ঘটনা ৷ এজন ১১ বছৰীয়া কিশোৰক হত্যা কৰি এটি পুখুৰীত পেলাই থৈ যোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ ৷

কিশোৰ হত্যাৰ অভিযুক্ত দুই ভাতৃক ৰাইজৰ সহযোগত আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ সূত্ৰ অনুসৰি, গোৱৰ্ধনা আৰক্ষী থানাৰ অধীনস্থ শিমলাগুৰি আৰক্ষী পহৰা চকীৰ জাখলিবিল গাঁৱৰ এটি পুখুৰীত ওপঙি থকা অৱস্থাত আজি ৰাতিপুৱাৰ ভাগত উদ্ধাৰ হয় এটি কিশোৰৰ মৃতদেহ ৷ মৃতদেহটো গাঁওখনৰে নজৰুল হকৰ ১১ বছৰীয়া পুত্ৰ মফিদুল হক বুলি পৰিয়ালৰ লগতে স্থানীয় ৰাইজে চিনাক্ত কৰিছে ৷ শিমলাগুৰি আৰক্ষীয়ে মেজিষ্ট্ৰেটৰ সহায়ত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

উল্লেখ্য যে কালি সন্ধিয়া সমীপৰে এখন দোকানৰ পৰা ছফিকুল ইছলাম আৰু ৰফিকুল ইছলাম নামৰ দুই ককাই ভাইৰ লগত মিলি চানা খাইছিল মফিদুলে আৰু তাৰ পাছৰ পৰাই নিখোজ হৈ পৰিছিল মফিদুল ৷ কালি সন্ধিয়াৰ পৰা বিচাৰ-খোচাৰ কৰিও কোনো শুংসূত্ৰ পোৱা নাছিল যদিও আজি ৰাতিপুৱাৰ ভাগত স্থানীয় ৰাইজে পুখুৰী এটাত ছাত্ৰজনৰ মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়াত মৃতদেহটো আৰক্ষীয়ে আহি উদ্ধাৰ কৰে ৷

স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোক সকলে কৰা অভিযোগ মতে, এই হত্যাকাণ্ড ছফিকুল ইছলাম আৰু ৰফিকুল ইছলাম নামৰ দুই ভাতৃয়ে সংঘটিত কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে ছফিকুল-ৰফিকুল নামৰ এই দুই ভাতৃক আটক কৰি মাৰাথন জেৰা চলোৱাত হত্যাকাণ্ড সংঘটিত কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যদিও কি কাৰণত এগৰাকী ১১ বছৰীয়া পঞ্চম শ্ৰেণীত অধ্যয়নৰত কিশোৰক হত্যা কৰা হ’ল সেয়া আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত বাতৰি যুগুতোৱাৰ পৰলৈ সদৰী কৰা নাই ।

Exit mobile version