সিহঁতৰো আছে এখন সঁচা হৃদয়-মৰম-ভালপোৱা, মাতৃৰ মমতাৰে সগৰ্বিত : গোলাঘাটৰ এক দুৰ্লভ দৃশ্য

b498e283 2351 4235 b8dc 841f758be0c9

সাম্প্ৰতিক সময়ত আমাৰ সমাজখনত দয়া, মমতা, মানৱীয়তা এইবোৰ শব্দ যেন বহু পৰিমাণে ভুলুণ্ঠিত হোৱাৰ সময়তে পশু-পখী, জীৱ-জন্তুৰ যে এখন বিশাল হৃদয় আছে, সহৃদয়তা আছে, এক দুৰ্লভ দৃশ্যই যেন তাকেই প্ৰতীয়মান কৰিছে । জাত-পাত, বৰ্ণ সুকীয়া; কিন্তু মাতৃৰ মমতা, সঁচা মৰমৰ এক উৎকৃষ্ট নিদৰ্শন।

ভোকাতুৰ এটা ছাগলী পোৱালী আৰু জ্ঞানী মাতৃৰ মমতাৰে সগৰ্বিত এজনী কুকুৰ । বিনা দ্বিধাই পান কৰিবলৈ দিছে জ্ঞানী কুকুৰটোৱে তাইৰ দুগ্ধ ছাগলী পোৱালীটোক । এক বিৰল দৃশ্য গোলাঘাট জিলাৰ লক্ষীবাৰীৰ সমিপৰ গোবিন্দপুৰ গাঁৱৰ । গাঁওখনৰ চন্দ্ৰ কলিতাৰ বাসগৃহত তিনিটা সন্তানৰ মাতৃ কুকুৰজনীয়ে নিজৰ সন্তান কেইটাক দুগ্ধ পান কৰোৱাই ডাঙৰ-দীঘল কৰাৰ সমান্তৰালভাৱে ঘৰৰ ছাগলী পোৱালীটোকো পেটৰ ক্ষূধা নিবাৰণৰ বাবে নিয়মীয়াভাৱে পান কৰিবলৈ দিয়ে তাইৰ দুগ্ধ । সঁচাকৈয়ে মাতৃৰ মমতাৰে হৃদয়খন যেন ভৰি আছে জ্ঞানী কুকুৰজনীৰ ।

দুগ্ধ পান কৰাত অসুবিধা হোৱা বুলি অনুভৱ কৰি যেন কুকুৰজনীয়ে শুইও দিয়ে ছাগলী পোৱালীটোক দুগ্ধ পান কৰিবৰ বাবে । একপ্ৰকাৰ যেন প্ৰকৃত মাতৃৰ মমতাৰ শিক্ষাও প্ৰদান কৰিলে জীৱ শ্ৰেষ্ঠ মানুহক । যি সময়ত আমাৰ সমাজখনৰ পৰা দয়া, মমতা,‌ মানৱতা, মৰম-স্নেহ, ভালপোৱা, প্ৰেম এইবিলাক শব্দ ক্ৰমাৎ হেৰাই যোৱাৰ যেন উপক্ৰম হ’ব ধৰিছে, কৃতিমতাৰে ভৰি পৰিছে সমাজখন, যান্ত্ৰিকতাৰ আৱৰ্তত সোমাই পৰাৰ দৰে পৰিৱেশৰ সময়ত গোলাঘাটৰ এই জ্ঞানী কুকুৰজনীয়ে দেখুৱাইছে মৰম, ভালপোৱা, মাতৃৰ মমতাৰ উৎকৃষ্ট উদাহৰণ ।

সম্প্ৰতি বনৰীয়া হাতীকে ধৰি বন্য জীৱ-জন্তুৰ স’তে বিভিন্ন কাৰকৰ বাবে সংঘাত বৃদ্ধি হৈছে ঠিকেই, কিন্তু জীৱ-জন্তু, পশু-পক্ষীৰো আছে মৰম, ভালপোৱা, দয়া, মমতা । সিহঁতবোৰো এইখন সমাজতে জীয়াই থাকিব বিচাৰে শান্তিৰে সহবাস কৰি ।

Exit mobile version